- কোৰোণা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে চিকিৎসক–নাৰ্ছসকলে। নিজৰ জীৱনকো বিপদাপন্ন কৰি দিনে–নিশাই সেৱা আগবঢ়াইছে চিকিৎসক আৰু নাৰ্ছসকলে। এনে সময়তে এগৰাকী নাৰ্ছৰ ফটো ভাইৰেল হৈছে ছচিয়েল মিজিয়াত। এই নাৰ্ছগৰাকীয়ে বিকিনি পৰিধান কৰি তাৰ ওপৰত পিপিই কিট পিন্ধি ৰোগীৰ চিকিৎসা কৰা দেখা গৈছে। কিন্তু কিয় নাৰ্ছগৰাকীয়ে বিকিনিৰ পৰিধান কৰি ৰোগীক চিকিৎসা কৰিবলগীয়া হ'ল,

এই ঘটনা ৰাছিয়াৰ এখন হাস্পতালৰ, য’ত কোৰোণাত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰা হৈছিল । হাস্পতালখনত চিকিৎসক আৰু নাৰ্ছসক দিয়া হৈছে পিপিই কিট। কিন্তু অত্যধিক গৰমৰ বাবে নিজৰ দেহৰ কাপোৰ খুলি কেৱল বিকিনি পিন্ধি তাৰ ওপৰতে নাৰ্ছগৰাকীয়ে পিন্ধিলে পিপিই কিট। হাস্পতালৰ সূত্ৰ অনুসৰি, নাৰ্ছগৰাকীৰ এই কাৰ্যত কৰ্তৃপক্ষই কোনো আপত্তি কৰা নাছিল। কিন্তু কোনো লোকে নাৰ্ছগৰাকীৰ ফটো তুলি আপলোড কৰে ছচিয়েল মিডিয়াত। আৰু মুহূৰ্ততে ভাইৰেল হৈ পৰে নাৰ্ছগৰাকীৰ ফটো ছচিয়েল মিডিয়াত ।
ছচিয়েল মিডিয়াত ফটো ভাইৰেল হৈ পৰাৰ পিছতে ৰাছিয়াৰ স্বাস্থ্য বিভাগৰ দলে হাস্পতালখনত উপস্থিত হৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। নাৰ্ছগৰাকীয়ে কয় যে পিপিই ছ্যুট অত্যন্ত গৰম আৰু সেইবাবেই তেওঁ বিকিনি পিন্ধিছিল। কিন্তু নাৰ্ছগৰাকীৰ উত্তৰত অসন্তুষ্ট হৈ হাস্পতালখনৰ স্বত্বাধিকাৰীয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।
Haha
ReplyDeleteকি হ'ল ইমানেই হাহা ধৰিলে নে
Delete