Checking Live Applications...

টুইটাৰ, ফেচবুকৰ পাছত এইবাৰ অস্থায়ীভাৱে ট্ৰাম্পক ব্লক কৰিলে ইউটিউবে

ডনাল্ড ট্ৰাম্পৰ টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম, ট্নিচ, আৰু ৰেডিট একাউণ্টত গুগলে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ব্লক কৰাৰ পাছত ইউটুউবে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীক ব্লক কৰিছে।

টুইটাৰ, ফেচবুকৰ পাছত এইবাৰ অস্থায়ীভাৱে ট্ৰাম্পক ব্লক কৰিলে ইউটিউবে
টুইটাৰ, ফেচবুকৰ পাছত এইবাৰ অস্থায়ীভাৱে ট্ৰাম্পক ব্লক কৰিলে ইউটিউবে


কোম্পানীৰ নীতি উলংঘা কৰাৰ বাবে শেহতীয়াকৈ পোষ্ট কৰা ভিডিঅ’ আঁতৰোৱাৰ উপৰিও, ইউটিউবে ডনাল্ড জে ট্ৰাম্পৰ একাউণ্ট অস্থায়ীভাৱে স্থগিত কৰিছে। এক বিবৃতি যোগে ইউটিউবে প্ৰকাশ কৰে যে এই সীমাবদ্ধতা কমেও ৭ দিন, যাৰ অৰ্থ হ’ল , যদি ৰাষ্ট্ৰপতিৰ চেনেলটোৱে হিংসা সৃষ্টি কৰা যিকোনো ভিডিঅ’ পোষ্ট কৰিছে , চেনেলটোৰ বাবে কমেন্ট প্ৰদান শাখাটো বন্ধ কৰি ৰখা হৈছে।

“সমীক্ষাকৰাৰ পিছত, আৰু হিংসাৰ বাবে চলি থকা সম্ভাৱনাৰ বিষয়ে উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি, আমি আমাৰ নীতি উলংঘা কৰাৰ বাবে ডনাল্ড জে ট্ৰাম্পৰ চেনেলত আপল’ড কৰা নতুন সমল আঁতৰাই দিছোঁ। ইয়াত এতিয়া ইয়াৰ প্ৰথম ষ্ট্ৰাইক আছে আৰু অস্থায়ীভাৱে *নিম্নতম ৭ দিনৰ বাবে নতুন সমল আপলোড কৰাত প্ৰতিৰোধ কৰা হৈছে,” ইউটিউবে প্ৰকাশ কৰে।

পূৰ্বতে, টুইটাৰ, ফেচবুক, ৰেডিটে ৰাষ্ট্ৰপতিক সমল পোস্ট কৰাৰ সম্প্ৰদায়ৰ নিয়ম উলংঘা কৰা দেখা পোৱাৰ পিছত ডনাল্ড ট্ৰাম্পৰ একাউণ্ট অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছিল। কিন্তু আমেৰিকাৰ কেপিটল আক্ৰমণৰ পাছত পুনৰ একাউন্ট সমুহক পুনৰুদ্ধাৰ কৰা হৈছিল।

Post a Comment

0 Comments

Ads

close