দুই কিশোৰে ঘৰতে তৈয়াৰ কৰিছে পানী জাহাজ, এটিএম, কেমেৰা, হিটাৰকে ধৰি কেইবাটাও যন্ত্ৰ

 

হাত তালি বজালেই জ্বলি উঠে বাল্ব, মুহুৰ্ততে চাফা হৈ যায় মকৰাৰ জাল ৷ উদ্ভাৱনী শক্তিৰে সকলোকে চমক দিছে বাক্সাৰ কদলতলাৰ দুই কিশোৰ ভাতৃ জ্যোতিষ্মান ভট্টাচাৰ্য আৰু নয়নজ্যোতি ভট্টাচাৰ্যই দুই কিশোৰে

লকডাউনৰ সময়ৰ পৰা দুই ভাতৃয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে গাঁৱৰ ঘৰতেই তৈয়াৰ কৰিছে বিভিন্ন যন্ত্ৰ ৷ দৰ্জী পিতৃৰ দুই সন্তানে লকডাউনৰ সময়চোৱাৰ সদব্যৱহাৰ কৰি হিটাৰ, কেমেৰা, এটিএম, পানী সিচা মেচিন, জেচিবি তৈয়াৰ কৰাৰ বিপৰীতে শেহতীয়াভাৱে তৈয়াৰ কৰি উলিয়াইছে এখন পানী জাহাজ ৷

ৰিম’ টৰ সহায়ত পানী জাহাজখন চলাই দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে দুই ভাতৃয়ে ৷ আৰ্থিক দীনতাৰ মাজতো ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু অৰুণোদয় হাইস্কুলৰ ছাত্ৰ জ্যোতিষ্মান আৰু নয়নজ্যোতিয়ে অব্যাহত ৰাখিছে তেওঁলোকৰ সৃষ্টি কৰ্ম ৷

শেহতীয়া ভাৱে দুই ভাতৃয়ে দ্ৰোন কেমেৰাৰ লগতে উৰা জাহাজ নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে দুই কিশোৰে

Post a Comment

0 Comments

Ads

close