Checking Live Applications...

ৰাজ্যৰ ৯৫ শতাংশ প্রতিবন্ধী লোক ভোটদানৰ পৰা বঞ্চিত

‘অসমত নির্বাচনৰ দিন ঘোষণা কৰি নির্বাচন আয়োগে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ আৰু প্রতিবন্ধী লোকক ভোটদানৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰে ৷ পোষ্টেল বেলটৰ জৰিয়তে ভোট দান প্রক্রিয়া সামৰণি পৰে যদিও ৰাজ্যৰ ৯৫ শতাংশ প্রতিবন্ধী লোক এই সুবিধাৰ পৰা বঞ্চিত হৈছে৷’ - এই অভিযোগ প্রতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰৰ ৷



         দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰাৰ লগতে তেওঁ আৰু কয় - দুটা পর্যায়ৰ পোষ্টেল বেলটৰ প্রক্রিয়া ২৬ মার্চত সামৰণি পৰে যদিও বৃহৎসংখ্যক প্রতিবন্ধী লোকে ভোটদান কৰিব নোৱাৰিলে, যাৰ বাবে আমি পূর্বতে কৈ থকা ধৰণে এইবাৰো প্রতিবন্ধী লোকৰ ভোটদানৰ হাৰ বৃদ্ধি নহয় ৷ প্রতিবন্ধী লোকসকলে চৰকাৰে তথা দলে কৰি অহা প্রতাৰণাৰ বিৰুদ্ধে ক্ষোভ উজাৰি যে ভোটদান কৰিব, সেয়া নিশ্চিত বুলি জানিয়েই চৰকাৰে এনেধৰণৰ ষডযন্ত্রত লিপ্ত হোৱা বুলি গুৰুত্বপূর্ণ অভিযোগ উত্থাপন কৰিছে ৷

মালাকাৰে লগতে কয় – আমি ৯ লাখ প্রতিবন্ধী লোক থকা বুলি বাৰম্বাৰ কৈ অহাৰ পিছতো নির্বাচন আয়োগৰ এনে কার্যৰ বাবে ভোটদানৰ হাৰ যথেষ্ট পৰিমাণে কমি আহিছে ৷ ৰাজ্যিক প্রশাসনে কৈ অহা অনুসৰি পূর্বৰ নির্বাচনসমূহত প্রতিবন্ধী লোকৰ ভোটদান ১ লাখ ৩০ হাজাৰহে মাত্র ৷ কিন্তু এইবাৰ যিহেতু ঘৰে ঘৰে গৈ বেলট পেপাৰত ভোট দিয়াৰ ব্যৱস্থা কৰিব বুলি কৈছিল, তেতিয়া আমি ভাবিছিলোঁ এইবাৰ অন্ততঃ ভোটদানৰ হাৰ বৃদ্ধি পাব, কিন্তু প্রকৃতার্থত সেয়া হৈ নুঠিল৷

প্রথম আৰু দ্বিতীয় পর্যায়ৰ যোৰহাট, তিতাবৰ, নলবাৰী, বাক্সা, দৰং আদিত প্রতিবন্ধী লোকসকলে ভোটদানৰ সুবিধাই নাপালে ৷ আনকি ১০০ শতাংশ দৃষ্টিহীন লোককো বেলট পেপাৰত ভোটদান কৰিব নিদিয়াত আমি হতভম্ব হৈ পৰিছোঁ ৷ বিষয়টো সন্দর্ভত প্রথম, দ্বিতীয় পর্যায়ৰ নিচিনাকৈ যাতে তৃতীয় পর্যায়ত প্রতিবন্ধীসকল ভোটদানৰ পৰা বঞ্চিত হ’ব নালাগে তাৰ বাবে নির্বাচন আয়োগক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ সংবাদ মেলযোগে দাবী জনাইছে ৷

অন্যথা অনাগত দিনত আয়োগৰ বিৰুদ্ধে গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিছে ৷ সংবাদ মেলত উপস্থিত থাকি প্রণৱ বেজবৰুৱা আৰু নিকুটিন বসুমতাৰীয়ে কয় যে আমি ১০০ শতাংশ দৃষ্টিহীন ব্যক্তি হোৱাৰ পিছতো যেতিয়া এই সুবিধাৰ বাবে জিলা নির্বাচনী বিষয়াক অনুৰোধ কৰাৰ পিছতো কোনো সদুত্তৰ নাপালোঁ ৷ গতিকে কোটি কোটি টকা খৰচ কৰি ১০০ শতাংশ ভোটদান সজাগতাৰ বাবে নির্বাচন আয়োগে যি ঢ়াক ঢ়োল বজাই আছে, প্রকৃততে সেয়া যেন ভালুকৰ সাঙীত পৰিণত হৈছে সেয়া স্পষ্ট হৈ পৰিছে৷ সংবাদ মেলত সংস্থাৰ উপ-সভাপতি আতিকুৰ ৰহমানকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

Tags

Post a Comment

0 Comments

Ads

close