Checking Live Applications...

ৰাজ্যত জাৰি কৰা হৈছে সান্ধ্য আইন, কি হ’ব পূৰ্বে ঠিক কৰা বিয়াসমূহ? ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত অক্সিজেনৰ অসুবিধা দূৰ কৰিবলৈ নতুন তিনি প্ৰতিষ্ঠানৰ সৈতে বুজা বুজি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ৷ জনতা ভৱনত প্ৰতিষ্ঠান ক্ৰমে ডিমাপুৰ, চিলাপথাৰ আৰু বঙাইগাঁৱৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰিত হয় ৷ ইয়াৰ জৰিয়তে তিনি প্ৰতিষ্ঠানে উৎপাদন কৰা অক্সিজেন অসম চৰকাৰক প্ৰদান কৰিব৷ ইয়াৰ বাবদ নিৰ্ধাৰণ কৰা ধন কেন্দ্ৰই প্ৰদান কৰিব৷ তিনি প্ৰতিষ্ঠানৰ অক্সিজেন উৎপাদন ক্ষমতা ১০.৫ মেট্ৰিক টন ৷ পূৰ্বৰ অসমত মজুতকৃত অক্সিজেন আছিল ৫৫ মেট্ৰিক টন৷ অৰ্থাৎ অতিৰিক্ত ১০.৫ মেট্ৰিক টনৰ লগে লগে ৰাজ্যত সৰ্বমুঠ ৬৬ মেট্ৰিক টনলৈ বৃদ্ধি পালে অক্সিজেনৰ পৰিমাণ ৷ এই পৰিমাণৰে নিশ্চয়কৈ অসম ভালেখিনি আগবাঢ়িব পাৰিব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

ৰাজ্যত জাৰি কৰা হৈছে সান্ধ্য আইন, কি হ’ব পূৰ্বে ঠিক কৰা বিয়াসমূহ? ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ইপিনে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পূৰ্বে ঠিক কৰা বিবাহসমূহৰ ক্ষেত্ৰত কোনো অসুবিধা নাই ৷ বিবাহ অনুষ্ঠিত কৰিব পাৰিব৷ কেৱল কোভিডৰ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব৷ ৰাজ্যত এতিয়াও লকডাউনৰ পৰিৱেশ নাই ৷ আনকি সান্ধ্য আইনৰো পক্ষপাতী নহয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷

সাংবাদিক, সংবাদ প্ৰতিষ্ঠানৰ গৰাকীক অগ্ৰাধিকাৰৰ ভিত্তিত ভেকচিন প্ৰদান কৰিব বুলিও জনাই হিমন্ত বিশ্ব শৰ্মাই৷ এতিয়ালৈ ভেকচিনৰ কোনো সমস্যা নাই বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ । 

Post a Comment

0 Comments

Ads

close