Checking Live Applications...

CBSE Board 12th Exam : কেতিয়া হ'ব CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ? কেতিয়া ঘোষণা কৰা হ'ব পৰীক্ষাৰ দিন ?

CBSEৰ দ্বাদশ ব'ৰ্ড পৰীক্ষা সন্দৰ্ভচ ১ জুনত ঘোষণা কৰিব পাৰে । সূত্ৰ অনুসৰি, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে ব'ৰ্ড পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, ব'ৰ্ড পৰীক্ষাৰ বিন্যাস আৰু ইয়াক কেনেদৰে পৰিচালনা কৰা হয় সেই সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

CBSE Board 12th Exam

CBSEৰ দ্বাদশ ব'ৰ্ড পৰীক্ষা সন্দৰ্ভচ ১ জুনত ঘোষণা কৰিব পাৰে। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে ব'ৰ্ড পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, ব'ৰ্ড পৰীক্ষাৰ বিন্যাস আৰু ইয়াক কেনেদৰে পৰিচালনা কৰা হয় সেই সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি, যোৱা বছৰ কোভিড প্ৰটোকল মতে জুলাইত অনুষ্ঠিত হোৱাৰ দৰে এইবেলিও তেনেদৰে এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি চিবিএছইয়ে ১৫ জুলাইৰ পৰা ২৬ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ আৰু ছেপ্টেম্বৰত ফলাফল ঘোষণা কৰাৰ প্ৰস্তাৱ দিছে
ইফালে, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছত, ৩২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে দ্বাদশ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সন্মত হৈছে। কিন্তু চাৰিখন ৰাজ্য - দিল্লী, মহাৰাষ্ট্ৰ, গোৱা আৰু আন্দামান আৰু নিকোবৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ আগতে শিক্ষাৰ্থী আৰু শিক্ষকসকলক টিকাকৰণৰ দাবী জনাইছে । আনহাতে CBSE এ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে শিক্ষা মন্ত্ৰালয়ক প্ৰস্তাৱ দিছিল যে পৰীক্ষা মাত্ৰ ৯০ মিনিটৰ হ'ব লাগে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ নিজৰ বিদ্যালয় অৰ্থাৎ গৃহকেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ব লাগে ।

Post a Comment

0 Comments

Ads

close