বুঢ়ী আইৰ সাধু
পাতনি
প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folklore) আছে । ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰপৰা আত্মপ্ৰকাশ আৰু আত্মজীৱনচৰিত, পুৰণি সাধুকথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰে পৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱন চৰিত । কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায় । সেইদেখি মানুহৰ জাতীয় জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে "ফাইল'লজি (Philology) অৰ্থাৎ ভাষাতত্ত্ব আৰু মাইথ'লজি (Muthology) অৰ্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল'ৰ (Folklore) অৰ্থাৎ সাধুকথাতত্ত্বও তেনেকুৱা লাগতিয়াল ।
Buy Now
সুপ্ৰসিদ্ধ জাৰ্মান পণ্ডিত বপ্ (Bopp) আদিৰদ্বাৰাই আৱিষ্কৃত এই মত, - অৰ্থাৎ টিউটন (Tuton) কেল্ট (Celt) হিন্দু আদি আৰ্যবংশীয় মানুহবোৰ যে গুৰিতে একে আছিল আৰু তেওঁলোকে যে আদিতে মধ্য এচিয়াৰ একে ঠাইতে থকা একে পৰিয়ালৰ একেজোপা গছৰে ডাল, - সাধুবোৰৰ তত্ত্ব আলোচনাই আৰু গজগজীয়া কৰিলে ।
কিছুকালৰ আগলৈকে সাধুকথাবোৰৰ আচল মূল্য নুবুজি সকলোৱে সেইবোৰ ল'ৰালি আৰু অকামিলা বুলি ভাবি আছিল । কিন্তু প্ৰথমতে জাৰ্মান পণ্ডিতসকলে এই ভুল বিশ্বাস ভাঙি দিয়ে । প্ৰথমতে জাৰ্মানীত সাধুকথাৰ প্ৰকৃত মূল্য নিৰ্ধাৰিত হয় আৰু তাতে সেইবোৰ বৈজ্ঞানিক প্ৰণালীত আলোচিত হয় । ১৭৭৮-৭৯ খ্ৰীষ্টাব্দত ছপা হোৱা হাৰ্ডাৰৰ (Herder) প্ৰসিদ্ধ "Collection of popular Songs" অত এই চেষ্টাৰ প্ৰথম উন্মেষ হয় । কিন্তু ১৮১১ অৰপৰা ১৮৩৫ খ্ৰীষ্টাবদৰ ভিতৰত বিখ্যাত পণ্ডিত গ্ৰীমৰ (Grimm দুই ভায়েক) পৰিশ্ৰমে এই চেষ্টাৰ ফল ধৰায় । জাৰ্মানীৰ গাঁৱলীয়া কটনাকটা বুঢ়ী তিৰোতা মানুহৰ মুখৰপৰা পোনতে এনে সাধু গোটাই ছপা কৰি উলিওৱা হয় । বাস্তৱিকতে ক'বলৈ গলে জাৰ্মান পণ্ডিতসকলৰ পৰিশ্ৰমেহে পোনতে সভ্য জগতক দেখুৱাই দিলে যে কোনো এটা জাতিৰ পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰত এটা শব্দৰ ইতিহাস এখন ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূল্যৱান l
সুচীপত্ৰ
| ১. | মেকুৰী জীয়েকৰ সাধু |
| ২. | বান্দৰ আৰু শিয়াল |
| ৩. | ঔ কুঁৱৰী |
| ৪. | ঢোঁৰা কাউৰী আৰু টিপচী চৰাই |
| ৫. | এজনী মালিনী আৰু এজোপা ফুল |
| ৬. | বুধিয়ক শিয়াল |
| ৭. | বাঘ আৰু কেঁকোৰা |
| ৮. | তেজীমলা |
| ৯. | বুঢ়া-বুঢ়ী আৰু শিয়াল |
| ১০. | দীঘল ঠেঙীয়া |
| ১১. | গঙাটোপ |
| ১২. | নুমলীয়া পো |
| ১৩. | সৰব্জান |
| ১৪. | এটা শিঙৰা মাছৰ কথা |
| ১৫. | এটা বলী মানুহ |
| ১৬. | চিলনীৰ জীয়েকৰ সাধু |
| ১৭. | তুলা আৰু তেজা |
| ১৮. | কটা যোৱা নাক,খাৰণী দি ঢাক |
| ১৯. | তীখৰ আৰু চুটিবাই |
| ২০. | চম্পাৱতী |
| ২১. | জৰদগৱ ৰজাৰ উপাখ্যান |
| ২২. | পানেশৈ |
| ২৩. | জোঁৱাইৰ সাধু |
| ২৪. | কুকুৰীকণা |
| ২৫. | ভেকুলীৰ সাধু |
| ২৬. | তাৱৈয়েকৰ সাধু |
| ২৭. | লট্কন |
| ২৮. | লখিমী তিৰোতা |
| ২৯. | দুই বুধিয়ক |
| ৩০. | কঞ্চনী |
Buy Now



আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )