Reapply for Pradhan Mantri Awas Yojana 2025 / PM Awas Yojana 2025



প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ১৭ মাৰ্চৰ পৰা ২ এপ্ৰিল ২০২৪লৈ অনুষ্ঠিত সমীক্ষাত যিসকল যোগ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পৰা নাছিল, তেওঁলোকে এতিয়া 'Awaas Plus 2024' এপৰ স্ব-জৰীপ বিকল্পৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব ।

এই পদক্ষেপে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত প্ৰত্যক্ষভাৱে আবেদন কৰাৰ সুবিধা প্ৰদান কৰিছে ।

Reapply for Pradhan Mantri Awas Yojana 2025 /

Self-Survey কি ?

Self-Survey ( স্ব-জৰীপ ) হৈছে এটা বিকল্প যʼত যোগ্য ব্যক্তিয়ে Awaas Plus 2024 এপ ব্যৱহাৰ কৰি পি-এম-এৱাই-জিৰ বাবে আবেদন কৰিব পাৰে ।

Self-Survey কিয় কৰিবলৈ লাগে ?

যদিহে আপোনাৰ পৰিয়ালৰ যোৱা ১৭ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত অম্বেষাৰ অধীনত এ-এছ-আৰ-এল-এমৰ সখীৰ দ্বাৰা জৰীপ হোৱা নাই তেন্তে এতিয়া Awaas Plus 2024 এপৰ স্ব-জৰীপ বিকল্প সহায়ত নিজেই পি এম এৱাই জিৰ বাবে আবেদন কৰিব পাৰিব ।

Self-Survey কেনেকৈ কৰিব নিজেই ?

  • গুগল প্লেষ্টʼৰৰ পৰা Awaas Plus 2024 ডাউনলোড কৰিব ।
  • Aadhaar Face RD এপটো গুগল প্লেষ্টʼৰৰ পৰা প্ৰমাণীকৰণৰ বাবে ডাউনলোড কৰিব ।
  • আপোনাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব লাগিব ।
  • এটা ফোনৰ পৰা মাত্ৰ এটাহে Self-Survey কৰিব পাৰিব । 
  • আধাৰ ব্যৱহাৰ কৰি প্ৰমাণীকৰণ ভিত্তিক E-Kyc বাধ্যতামূলক ।
  • সমীক্ষাৰ সময়ত আধাৰ কাৰ্ড অনুসৰি প্ৰতিটো তথ্য সংযোজন কৰিব লাগিব ।
  • হিতাধিকাৰী বাছনি কৰাৰ সময়ত মহিলা হিতাধিকাৰীক অগ্ৰাধিকাৰ দিয়া হ'ব ।
  • যদিহে পিছত পৰীক্ষাৰ সময়ত কোনো তথ্য ভূল বুলি ধৰা পৰে, তেন্তে ইয়াৰ বাবে হিতাধিকাৰী নিজেই দায়ী আৰু তেওঁৰ ওপৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব ।

কোন সকল লোকে এই আচঁনি লাভ কৰিব ?

  • গৃহহীন লোক
  • নি:স্ব অথবা ভিক্ষা বৃত্তিত নিয়োজিত লোক
  • আদিম জনজাতি
  • আইনীভাৱে মুকলি কৰি দিয়া বন্ধুৱা শ্ৰমিক 

কোনসকল লোকে পকী ঘৰ লাভ নকৰিব ?

  • পকী ঘৰ থকা / ইতিমধ্যে পি এম এ ৱাই জিৰ সুবিধা লাভ কৰিছে 
  • ঘৰত তিনি/চাৰিচকীয়া বাহন আছে 
  • যন্ত্ৰচালিত কৃষি সজুঁলি ব্যৱহাৰকাৰী 
  • ৫০ হাজাৰ টকা ক্ৰেডিট সীমা থকা কিষাণ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী 
  • চৰকাৰী চাকৰি থকা অথবা নূন্যতম ১৫ হাজাৰ টকা মাহিলী উপাৰ্জন কৰা পৰিয়াল
  • চৰকাৰী পঞ্জীকৃত উদ্যোগ থকা পৰিয়াল
  • আয়কৰ বা পেছাদাৰী কৰ পৰিশোধ কৰা পৰিয়াল 
  • নূন্যতম ২.৫ একৰ জলসিঞ্চন থকা অথবা ৫ একৰ জলসিঞ্চন নথকা মাটিৰ অধিকাৰী 

কি কি নথি-পত্ৰ লাগিব ?

  • পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড
  • এমজিএনৰেগা জব কাৰ্ড
  • আধাৰ সংযোজিত বেংক একাউণ্ট

Application Download Link and Website 


App Download Link Click Here
Official Website 1 Click Here
Official Website 2 Click Here


Post a Comment

0 Comments
close