Abir Love Story 54
সৰুতে এনেকৈ তলত বহি আমি ককাৰ পৰা সাধু শুনিছিলোঁ ।
আমি মানে মই আৰু আয়ু ।
সি নাহিল, ককাৰ ঢুকোৱাৰ খবৰ পায়ো সি নাহিল, সৱেই তাক বেয়া পাইছিল, মই নাই পোৱা । ভালকৈ জানো মই তাক । নোৱাৰে সি মুখা-মুখি হ’ব, পলাই ফুৰিব কেইদিনমান।মনে মনে ভাৱিব হয় যদি মিছা হওঁকচোন । সি এনেকুৱাই, মোৰ বাবে সেইকাৰণে সি থুপুতকৈ অলপো বেলেগ নহয় । ইমানদিনে ফোনত কথা পাতিলেও সি কেতিয়াও ককা ঢুকোৱাৰ কথা মোক কেতিয়াও নকয় । মই ক’লেও সি লৰালৰিকৈ ফোনটো থৈ দিয়ে ।
:আমি যে আগতে ইয়াত বহি লিচু গুটিত জুইশলা কাঠি ভৰাই ঘূৰাইছিলোঁ, তোৰ মনত আছে ?
:আছে ।
:তই সদায় নিজৰ টো ভাঙি মোৰ পৰা কাঢ়ি নিয় । আগৰ পৰাই ডাকু এজনী ।
:ইমান দিন কিয় নাহিলি আয়ু ? ইয়ালৈ আহিব লাগিব বুলিয়েই ঘৰলৈও ইমান দিন নহাকৈ থাকিলি । কেলেই এনেকুৱা তই ? সৱ আহিল, কোনো নহাকৈ নাই থকা, তোৰ বাহিৰে ।
তোৰ মনত কি আছে মই এতিয়া জানো, সেইবুলি মই অনিৰুদ্ধৰ দৰে তোক ভাবিব নোৱাৰোঁ । কেতিয়াও নোৱাৰোঁ । জোৰ কৰি প্ৰেম নহয় আয়ু । যদি মোৰ জীৱনত অনিৰুদ্ধ নাহিলেও হেঁতেন, তেতিয়াও মই কেতিয়াও তোক সেই স্থান নিদিলোঁহেঁতেন । তই বুজিলে বুজিবি নুবুজিলে নাই । কিন্তু এটা কথা জানিবি, তই নাথাকিলে মই মোৰ গোটেই শৈশৱটোকে মচি পেলাব লাগিব ।
সি মনে মনে আছে, এনেকুৱা এটা দিন আহিব বুলি মই ভবা নাছিলো । সি যদি ভাবিছিল মই নাজানোঁ ।
:তই বহুত বেলেগ হ’লি, এতিয়া আগৰ ‘জাপৰী গোসাঁনী’ হৈ থকা নাই ।
:সময়ে সৱকে সলনি কৰি দিয়ে ।
:মই একেই আছোঁ, সৱ সদায় একেই হৈ থকা হ’লেই ভাল আছিল । আমি দুটা আৰু ককা আগৰ নিচিনাকৈ থাকিব পৰা হ’লে !
:আমি জানো সৰু হৈ আছোঁ ?
সি উত্তৰ নিদি হুমুনিয়াহ কাঢ়িলে । কিছু সময় মনে মনে থাকি ক’লে
:US গৈ আছোঁ মই ।
:What the ! কেতিয়া ????
:দুমাহ পাছত যাব লাগে । অলপ যোগাৰ বাকী আছে ।
:কোৱা নাই কিয় ?
:পাহৰি থাকোঁ ।
:আজিকালি মিছা কথা খুব ধুনীয়াকৈ ক’ব পৰা হ’লি ।
MS কৰিবলৈ যাব সি । আগতে মই পঢ়িবলৈ কৈ কৈ ভাগৰি যাওঁ, এতিয়া নিজেই সৱ কৰিব পৰা হ’ল ।সুখী হৈছোঁ তাৰ কাৰণে । আয়ুক মই কিমান মৰম কৰোঁ সি নাজানে, নালাগে জানিব । সদায় প্ৰাৰ্থনা কৰোঁ তাৰ কাৰণে, আজীৱন সি মোৰ প্ৰাৰ্থনাত থাকিব ।
তাৰ কি যোগাৰ হোৱা নাই মই ভালকৈয়ে বুজিছোঁ ।
:আয়ু ককাই তোৰ কাৰণে গিফ্ট এটা থৈ গৈছে, মোক দি দিবলৈ কৈছিল । লৈ যাবি আজি ।
:কি গিফ্ট ?
:মনত নাই ? আগতে যে আমি ককাক খুচুৰা পইচা বোৰ আনি দিওঁ, আমি ডাঙৰ হোৱালৈ সেইবোৰ বহুত বেছি হৈ যাব বুলি কয় ককাই, মোৰ খিনি মই ল’লো, তোৰ খিনি থৈ দিছোঁ ।
:খুচুৰা পইচা ?
:ওহোঁ, ককাই চেক লিখি গৈছে আমাৰ দুইটাৰে নামত ।
সি জানে, সেইয়া মই কোৱা কথা । তাক এতিয়া দৰকাৰ হৈছে, কিন্তু আগৰ নিচিনাকৈ সি মোক আজিকালি নোখোজে । কিন্তু মইতো তাক নুবুজা নহয় ।
এমাউন্ট টো লিখি তাৰ হাতত দিলোঁ ।
:পিছত ডলাৰত ঘূৰাই দিবি । ধাৰলৈ দিছোঁ । বেংকৰ লোণ বুলি ল ।
সি হাত পাতি ল’লে ।
এটা পইচাও যদি সি সাঁচিবলৈ শিকিলেহেঁতেন । আজি এনেকুৱা নহয় । গাহৰি আৰু বিয়েৰতে দৰমহা শেষ চাগে ।
:জানো । খুড়ীয়ে ক’লে ।
:তই থাকিবিনে ? যদি বেয়া পাৱ..
:থাকিম, কিন্তু গিফ্ট নিদিওঁ, পইচা নাই মোৰ ।
পাগলটো !
আৰু বহুত কথাই পাতিলোঁ আমি । কিমান কথা যে আছিল আমাৰ মাজত । আজিয়েই যেন সৱ পাতি শেষ কৰি পেলাম ।
:অনন্যা, অনিৰুদ্ধ তোৰ কাৰণে পাৰফেক্ট । মই প্ৰথমতে তাক বহুত সন্দেহ কৰিছিলোঁ । কিন্তু সি যেনেকৈ থুপুক একচেপ্ট কৰিছে, মানিছোঁ সঁচাকৈ । তই হেপ্পী থাকিবি মই জানো ।
:উম ।
:কিন্তু অলপ চেনি হয় আকৌ বেয়া নাপাবি । আগতে যে সেই টানিয়াজনীৰ লগত ঘূৰি ফুৰে ।
:দুইটাকে কম বকিলোঁ নে এটা টাইমত ।
দুইটাই বাগৰি বাগৰি হাঁহিছোঁ । কথাবোৰ এনেকুৱাই ।
কিছুমান স্পেচিয়েল মানুহৰ লগতহে স্পেচিয়েল কথা শ্বেয়াৰ কৰিব পাৰি । আয়ু মোৰ ওচৰত সদায় থাকিব । ’স্পেচিয়েল’ হৈ । সেই স্থান আন কোনেও ল’ব নোৱাৰে।কাকো নিদিওঁ মই ।
আবেলিৰ পৰা কেতিয়া সন্ধিয়া পাৰ হ’ল আমাৰ খবৰ নাই । তৰাৰ কোলাত শোৱাৰ পৰা উঠি চকু মোহাৰি মোহাৰি থুপু । আয়ুক দেখি গোটেইটো ক’ব নোৱাৰা হৈছে ।
‘পেটু মামা’ ৰ পেটত ঘুছিয়াবলৈ দৌৰি আহিল ।
:মোলে কি আনিথা ?
আৰু দুয়োটাকে চাই মই মোৰ বুকুখন আকৌ এবাৰ মমতাৰে উপচি পৰিল ।
আয়ুৰ কাৰণে পোলাও চিকেন বনাবলৈ উঠি আহিলোঁ ।
মা আৰু যোগেশদাৰ লগত দিনে নিশাই কাম কৰি অৱশেষত মাৰ সপোনটোক অলপ হ’লেও আকাৰ দিব পাৰিলোঁ । বগা বাংলোৰ ওপৰত পাঁচটা কোঠাৰ এটা ঘৰ হ’ল । নতুন ফলক লাগিল “আশাপূৰ্ণা -Womens Refuge” ।
নতুন মানুহক নিযুক্তি দিয়া হ’ল । বাতৰিত প্ৰচাৰ হোৱাৰ পাছত অহা ইটোৰ পিছত সিটো ফোনে মা আৰু মোক আমাৰ সমাজখনৰ বিভৎস ৰূপ এটাৰ লগত চিনাকি কৰাই দিলে ।
আজিও মনত আছে, যেতিয়া পূজা নামৰ একৈশ বছৰীয়া ছোৱালীজনীক আমি ইয়ালৈ লৈ আনিছিলোঁ ।গোটেই গাতে দাগ, আগফালৰ দাঁত দুটা ভগা,মদাহী বাপেকে ধাৰ মাৰিব নোৱাৰি বিক্ৰী কৰি দিয়াৰ দৰে মানুহ এটাৰ লগত বিয়া দিছিল তাইক । তাৰ পাছত নৰকৰ জীৱন দুবছৰ কটাই শেষত ওচৰৰ মানুহৰ সহায়ত আমাৰ ওচৰ পাইছিল ।
তাৰ পাছত আনিছিলোঁ উপাসনা বাইদেউক । সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী, অধ্যাপকৰ পত্নী । মুখৰ আধা অংশ এচিডে পুৰি পেলালে । বিয়াৰ ষোল্ল বছৰৰ পিছতো সন্তান দিব নোৱাৰাৰ বাবে স্বামীয়ে দ্বিতীয় বিবাহ কৰিব খুজিছে । আপত্তি কৰাৰ বাবে শাস্তি এইয়া । মাক দেউতাক নথকা ঘৰখনত ভায়েক দুজনে নাৰাখে, তেওঁলোকৰ সৰু সৰু ল’ৰা ছোৱালীয়ে ভয় খায় হেনো বাইদেউৰ জ্বলি যোৱা মুখ খন দেখিলে ।
আৰু মই অতদিনে নিজৰ দুখ খিনিকে লৈ কান্দি আছিলোঁ । এতিয়া এনে লাগে, যদি সমাজৰ প্ৰতি জনী নাৰীয়ে নিজৰ কাহিনী ক’বলৈ হয়, এই পৃথিৱীত চকুপানীৰ এখন সাগৰ অহৰহ বৈ থাকিব ।
মৌনতাত ডুব যোৱা কাহিনীবোৰ চাগে কিমান বেছি ভয়ংকৰ !
লাহে লাহে আমাৰ ইয়াত বাৰগৰাকী মহিলাক আশ্ৰয় দিলোঁ । তেওঁলোকৰ খোৱা বোৱাৰ পৰা চিকিৎসালৈকে সকলোবোৰ মায়ে নিজেই চায় । সহায় কৰিবলৈ ওচৰৰে ছোৱালী এজনী নিজেই আগবাঢ়ি আহিছিল । লাহে লাহে মায়ে মানুহৰ মাজলৈ আকৌ উভতি গৈছে । বহুতো কলেজীয়া ছোৱালী আজিকালি আমাৰ ইয়ালৈ আহে।যি পাৰে সহায় কৰে । মাৰ লগত কথা পাতে । মাৰ হেৰাই যোৱা হাঁহিটো আকৌ ঘূৰি আহিল । অকল সেইয়াই নহয়, মায়ে তেওঁলোকৰ সংস্থাপনৰ কাৰণেও কাম কৰি আছে । মা এগৰাকী স্বয়ংসম্পূৰ্ণ নাৰী হৈ জিলিকি উঠিছে । মাক বেয়া পোৱা মানুহেও মাৰ এই কামক প্ৰশংসা কৰিবলৈ বাধ্য হৈছে । মায়ে যেতিয়া আশ্ৰিত মহিলাসকলক সাহস দিয়ে, মই দূৰৈৰ পৰাই চাই থাকোঁ ।
আৰু সৱৰে মাজত আমাৰ হিৰো থুপু । সৱৰে মৰমত গোটেইটো গদগদ । আজিকালি মোক পাত্তাই নিদিয়া হৈছে । দিনৰ দিনটোত বাইদেউ সকলৰ মাজত থাকে । ক খ লিখে, আম আঁকে ।
চিঞৰি চিঞৰি গান গায় ।
অকলশৰীয়া মানুহবোৰৰ মুখত সি হাঁহি এটা আনি দিয়ে, আৰু সেই হাঁহিটো ভগাই লৈ মা আৰু মই সুখী হওঁ ।
আৰু দেউতা !
সাহস নকৰে এতিয়া ইয়ালৈ আহি উৎপাত কৰিবলৈ । কেতিয়াবা আহি নিজৰ অধিকাৰ দেখুৱাই দুই এটা উপদেশ দিয়ে । আমি মনে মনে শুনি থাকোঁ । তাৰ পাছত অহাৰ দৰেই উভতি যায় ।
মাৰ স্পষ্ট কথা..”আপোনাৰ যেতিয়াই ইচ্ছা আহিব পাৰে, যেতিয়াই ইচ্ছা যাব পাৰে । মাত্ৰ মই সেই লৈ মোৰ ঘমাব নোৱাৰোঁ, সময় নাই মোৰ” ।
ককাৰ প্ৰতি, মাৰ প্ৰতি, জানকী কাননৰ প্ৰতি মোৰ এতিয়াও বহুত দায়িত্ব আছে । কৰি যাম সদায় । কিন্তু এতিয়া যে অনিৰুদ্ধৰ পৰা আঁতৰি থকাটো মোৰ বাবেও কষ্টকৰ । প্রতিটো সুখ দুখত মোৰ কাষত থকা মানুহজনক আৰু কিমান দিন নিজৰ পৰা, থুপুৰ পৰা আঁতৰাই ৰাখিম !
এটি সন্ধিয়া আমি বাৰাণ্ডাত বহি চাহ খাই আছোঁ..
:মাজু, কামবোৰ হ’ল।তই জীয়েকৰ সৱ দায়িত্ব পালন কৰিলি । এতিয়া মোক মাক হৈ কামবোৰ কৰিবলৈ দে । পাৰিলেতো সদায় তোক লগতে ৰাখিলোঁ হেঁতেন, কিন্তু স্বাৰ্থপৰ নহওঁ । তোৰ সুখ অনিৰুদ্ধৰ লগত ।থুপুৰ বাবে তহঁত দুটা সোনকালেই একেলগ হোৱাটো জৰুৰী । বিয়া পাতিবলৈ মোৰো ইচ্ছা নাই, তোৰো নাই, তেওঁলোকৰ লগত পাতি কি কয় চাওঁ । কিন্তু দেৰি নকৰোঁ আৰু ।
:তুমি যি ভাল দেখা ।
:আয়ৈ, তই লাজ কৰিছ নেকি ।
হাঁহি হাঁহি মায়ে মোক চপাই ল’লে বুকুৰ মাজত । তাৰ পাছত আৰু একো কথা কোৱা নহ’ল । মাৰ চকুপানীবোৰ মোৰ চুলিত পৰাহে অনুভৱ কৰিলো ।
মায়ে তেওঁৰ মাক-দেউতাকৰ লগত ইতিমধ্যে সকলো কথা আলোচনা কৰিছে । এতিয়াও তেওঁৰ আইতাকে মোক মানি লোৱা নাই । মই সেইখন ঘৰত তেখেত থকালৈকে সোমাব নোৱাৰোঁ । কিন্তু তেখেতে অনিৰুদ্ধৰ সুখৰ বাবে বিয়াত সন্মতি দিছে । তেওঁলোকৰ পৰিয়ালৰ বহুতৰে আপত্তি থকাৰ বাবে আমাৰ কোনোধৰণৰ ‘গ্ৰেণ্ড ৱেডিং’ হ’ব নোৱাৰে । অৱশ্যে মই বা অনিৰুদ্ধ কোনো এজনেই সেইয়া বিচৰা নাই । আমাৰ বাবে বিয়া মাত্ৰ এটা ফৰ্মেলিটি হে । নহ’লেও আপত্তি নাই।মাত্ৰ তেওঁৰ মাক দেউতাকে কৰিব খোজা সামান্য নিয়মখিনি আমি মানি লৈছোঁ । আৰু সেইমতে মায়ে সকলো যোগাৰ কৰিছে ।
দেউতাক মই নিজেই ফোন কৰি জনাইছো ।
:আহিব নে ?
:চাওঁ চোন ।
নাহে তাৰমানে । হ’ব । যি যেনেকৈ সুখী, তেনেকৈয়ে থাকক ।
সকলো যোগাৰ হোৱাৰ পাছতহে দৰাক জনোৱা হৈছে । তাকো এসপ্তাহৰ আগত ।
:আপুনি ইয়ালৈ আহিব লাগিব ?
:কেতিয়া ?
:অহা শনিবাৰে ।
:Okkay, so you both are coming with me this time right ?
:Nope !
:Okay, I will bring you, Thupu and your ‘Nope’ all together.
এই সকলোবোৰৰ মাজত এখন যুদ্ধ আকৌ যুঁজিছোঁ মই । কাকো খুলি ক’ব নোৱাৰা । কাকো বুজাব নোৱাৰা । মাৰ ফেচবুকৰ একাউন্টৰ পৰা বিচাৰি বিচাৰি উলিয়ালো এটা পুৰণা নাম । কলেজৰ সেই চুলি কেঁকুৰা, চকু ডাঙৰ ল’ৰাটোৰ ।
নাই, তাৰ প্ৰতি মোৰ আজিও প্ৰেম নাই, তেতিয়াও নাছিল । কিন্ত তাক এবাৰ জনাবৰ ইচ্ছা হ’ল । ক’বৰ মন গ’ল মোক জীয়াই ৰখা থুপু তাৰ বাবেই মোৰ জীৱনলৈ আহিল । কিন্ত তাৰ পিছত কি হ’ব সেইয়া ভাৱি আকৌ বাৰে বাৰে ৰৈ যাওঁ মই ।
“Hi,Ananya here, please give me a call at this number..99…
মোক আচৰিত কৰি এটা ইণ্টাৰনেচনেল ফোন কল পিছদিনাই আহিল । একেবাৰেই অচিনাকি যেন লগা এটা মাত ।
কোনো আন্তৰিকতা নাছিল । অত্যাধিক ব্যস্ত যেন লাগিল । সাহিল । যাৰ লগত মাত্ৰ এটা নিশাৰ ভুলৰ বাবেই মোৰ জীৱন সলনি হৈ গৈছিল..
কথা বহলাই থকাৰ ইচ্ছা মোৰো নাছিল.. থুপুৰ কথা কোৱাৰ লগে লগে সিফালৰ পৰা প্ৰতিক্ৰিয়া এনেধৰণৰ আছিল যেন মই গৈ তাৰ ডিঙিত ওলমি হে দিম । সি বৰ্তমান তাৰ প্ৰেমিকাৰ সৈতে লিভ-ইনত থাকে, দুয়োটা একেলগে পঢ়িবলৈ UK লৈ গৈছে, তাতেই একেলগে আছে । মোক বা থুপুক লৈ সি ব্যস্ত হোৱাটো মই বিচৰাও নাছিলোঁ । মাত্ৰ জনোৱাটো মোৰ দায়িত আছিল । পালন কৰিলোঁ ।
:How stupid Ananya, you should have gone for abortion, I mean, you were too young, and we never loved each other right, it was all because of that weed..
: Enough Sahil, enough.
বুকুৰ পৰা গধুৰ শিল এটা আঁতৰাই পেলালোঁ । নাই, কোনো অপৰাধবোধ এতিয়া মোৰ নাই । থুপু মোৰ,কেৱল মোৰ ।
তাৰ দায়িত্ব, তাৰ অধিকাৰ, সকলোবোৰ কেৱল মোৰ ।
নতুন জীৱনলৈ আগবাঢ়ি যাবলৈ ইয়াতকৈ ডাঙৰ সকাহ আৰু মোক নালাগে । সেই পুৰণি অধ্যায় মই চিৰদিনৰ বাবেই জপাই থ’লো । খুলি নাচাওঁ কোনোদিন ।
অপেক্ষা মাথোঁ অনিৰুদ্ধৰ ।
হয়, তেওঁ কোৱাৰ দৰেই মোক আৰু থুপুক নিবলৈ তেওঁ আহিল ।
অকলে ।
তেওঁৰ বেংগালুৰুৰ ঘৰত মোক আদৰিবলৈ ৰৈ থাকিল তেওঁৰ মাক-দেউতাক আৰু তেওঁৰ দুগৰাকী সম্বন্ধীয় ভনীয়েক । তেওঁলোকৰ নিয়মখিনি তাত কৰিব লাগিব ।
অৱশেষত, বাখৰুৱা সপোন এটাৰ হাতত ধৰি মই নতুন জীৱনলৈ খোজ ল’লো ।
ব’হাগৰ এটা কপৌফুলীয়া দুপৰীয়া মই বগা বাংলো এৰি যাবলৈ ওলালোঁ । ঘৰখন ফুল আৰু আমডালিৰে সজাই তুলিছে মা তৰা আৰু সকলো মিলি । উখল মাখল পৰিৱেশ।অগতানুগতিক বিয়া আমাৰ । কোনো মন্ত্ৰ নাই, পুৰোহিত নাই । আছে কেৱল অকৃত্ৰিম মৰম ভালপোৱা আৰু আশীৰ্বাদ ।
গুণাৰ ফুল বচা বগা পাটৰ কাপোৰ সাজ পিন্ধি ৰূমৰ পৰা ওলাই আহোঁতেই মায়ে হুকহুকাই কান্দিলে ।সৰু খোপা এটা বান্ধি ৰাতিপুৱাই অনিৰুদ্ধই আনি দিয়া গোলাপ পাহ গুঁজি লৈ মই কইনা সাজিলোঁ ।
বছ, সিমানেই সাজোন কাচোন ।
ককাৰ ইচ্ছামতেই মায়ে অনিৰুদ্ধক আনি দিয়া পাটৰ ধুতি পাঞ্জাৱী পিন্ধি মোৰ সপোনৰ ৰাজকোঁৱৰ আহি মোৰ কাষত থিয় হ’ল । মায়ে একো নাজানে ।
আয়ুৰ মাকে শিকাই দিবলগীয়া হৈছে সৱ । পাকঘৰত চাউল ছটিয়াই দে, গোসাঁইঘৰত ছটিয়াই দে, ইটো কৰ সিটো কৰ । দুয়োটাই এতিয়া থাপনাত সেৱা কৰ ।
জোঁৱাইকো সেৱা কৰ ।
থাপনাৰ সন্মুখতে অনিৰুদ্ধই মোৰ ভৰি চুই দিওঁতে সৱেই হাঁহি দিলে ।
:What ? I resepect you too right ? So ?
নিজৰ জীৱনৰ দুখবোৰ একাষৰীয়া কৰি আশ্ৰিত প্ৰতিগৰাকী বাইদেৱে মোক হিয়াভৰি আশীৰ্বাদ দিছে ।মোৰ কাষে কাষে থুপু ।
অনিৰুদ্ধই লৈ অনা কোট পেণ্ট পিন্ধি গোটেইটো ডাঙৰ ল’ৰা ।
মা ভাগৰ বিয়া পাতিথে, দৰা সি নিজেই ।
মায়ে দুৱাৰ ধৰি উলিয়াই দিছে মোক, কাষত আয়ুৰ মাক আৰু উপাসনা বাইদেউ । মাক ইমানকৈ কন্দা মই কেতিয়াও দেখা নাই । মেলি থোৱা হাত দুখন তেনেকৈয়ে কঁপি কঁপি চাদৰ খন ধৰি আছে । থুপুৰ হাতত ধৰি মাৰ হাতৰ তলেদি সৰকি ওলাই আহিছোঁ ।
:লগতে বেংলু যাবাই চোন ইমান কেলেই কান্দিছা আশা । তাত এৰি থৈ আহোঁতে কান্দিবলৈ আছেই ।
আয়ুৰ মাকৰ বুজনিয়ে ৰখাব পৰা নাই মাৰ কান্দোন ।
তৰা, বাহাদুৰ ,যোগেশদা সৱৰে পৰাই বিদায় লওঁতে শোক এটাই মোক খুন্দা মাৰি ধৰিছে ।
ড্ৰয়িংৰূমত থকা ককাৰ ডাঙৰ ফটোখনত সেৱা কৰোঁতে মোৰ লগতে অনিৰুদ্ধ আৰু মায়েও কান্দিছে ।মনে মনে এটাই কৈছোঁ
“ককা, এইখন ঘৰ মই এৰি যোৱা নাই, মোৰ প্ৰথম ঘৰ এইখনেই, মই প্ৰথমে এইখন ঘৰৰ ছোৱালী, পিছতহে কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী । সমাজৰ নিয়ম মই ওলোটাই দিম । তাৰ বাবে যদি মই স্বাৰ্থপৰ হওঁ, মোৰ আপত্তি নাই । আহি থাকিম তোমাৰ ওচৰলৈ, আইতাৰ ওচৰলৈ, ‘জানকী কাননলৈ’ ।আমাক আশীৰ্বাদ কৰিবা সদায় ।”
ককা আইতাৰ সমাধিত দুপাহ ফুল দি বিদায় ল’লো ।
নিয়মবোৰ কৰি অনিৰুদ্ধই কাপোৰ সলাই আহিল, মোৰহে কিয় নাজানো, মন নগ’ল।মায়ে দিয়া কাপোৰযোৰ পিন্ধিয়েই এয়াৰপোৰ্টলৈ ওলালোঁ ।
:Are you comfortable ?
পাটৰ মেখেলা চাদৰ পিন্ধি ফ্লাইটত যাম প্ৰথমবাৰ । উজুটি খাই পৰোঁ বুলি অনিৰুদ্ধৰ চিন্তা ।
:থুমি ইমান ধুনু লাগিথা আদি, কেনে কানিছা ? মা, থুমি মোক বিয়া পাতিবা নে অনিমুনক ? মোক পাতিবা দেই ।
চকুপানীবোৰ হাঁহিলৈ ৰূপান্তৰিত হ’ল ।
গাড়ীৰ পিছৰ ছিটত মই আৰু অনিৰুদ্ধ, মাজত থুপু,যোগেশ দায়ে গাড়ী চলাইছে, মা কাষৰ ছিটত ।
নতুন জীৱনলৈ যাত্ৰা মোৰ । পুৰণিক মই এৰি অহা নাই, বুকুত বান্ধি আনিছোঁ, প্ৰতিশ্ৰুতি দি আহিছোঁ ।
বুকুখন অকণমান জোৰেৰে ধক কৰি গৈছে মোৰ ।
:Hey buddy, we gonna be staying together from now.
এয়াৰপোৰ্টত আমাক নমাই ঘূৰি যাওঁতে যোগেশ দাৰ ভৰি চুই আশীৰ্বাদ লৈছোঁ ।
মোক আশীৰ্বাদ দি অনিৰুদ্ধৰ ওচৰত হাত যোৰ কৰিছে যোগেশ দায়ে
:আমাৰ মাজু অলপ বেলেগ, তুমি বেয়া পালেও বুজাই মেলি ল’বা । দেউতাই বৰ মৰম কৰিছিল তাইক…
সজল দুচকুৰে আমাক নেদেখা লৈকে চাই আছে যোগেশ দায়ে ।
থুপুৰ হাতত ধৰি মা আৰু অনিৰুদ্ধৰ পিছে পিছে ফ্লাইটত উঠিলোঁ ।
:You are blushing Mrs Anirudh, keep it for our wedding night,when I kiss every…”
মাৰ হাত এৰি দৌৰি আহিল থুপু ।
:মোকো কোৱা কথাটো ।
:বাপ কা দুচমন!ইচক’ সৱ অভি ছে জাননা হে !
খিড়িকী কাষৰ ছিটটোত বহি কাণত হেডফোন লগাই চকু দুটা মুদি দিছোঁ ।
“होश बातों का अक्सर नहीं था
दिल हमारा शायर नहीं
था तूने लिख दी ये तकदीर वरना
इश्क़ वाला मुक़द्दर नहीं था”
ডাৱৰৰ কোলাত বহি গৈ থাকোঁতে এনে লাগিল মোৰ লগে লগে ডাৱৰৰ অকাশীযান এখন সাজি সৌৱা ককা আৰু আইতাও আছে ।
( আগলৈ )
( আৰু এটা খণ্ডৰ পিছত আপোনালোকৰ মাজৰ পৰা বিদায় ল’ব আবিৰৰ প্ৰতিটো চৰিত্ৰই । আশা কৰিম, মনত ৰাখিব তেওঁলোকক, মৰম দিয়াৰ বাবে ধন্যবাদ )
Note - Next Part Coming Soon
-------------------------------------------------------------------------------------------------------------------------------------------------------

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )