Lesson 1 আমাৰ গাঁও
ক্ৰিয়া-কলাপ
অৰ্থ সৈতে চিনাকি হওঁ আহা:
| মুদৈ | দূৰ ঠাইত বেপাৰ কৰিবলৈ যোৱা লোক |
| হাট | বজাৰ |
| মুৰুলী | বাঁহী |
| তান | সংগীতত সুৰৰ বিস্তাৰ |
| চহা | হাল-কোৰ বাই খোৱা লোক |
| তল-সৰা | নিজে সৰি (মানুহে নপৰাকৈ) গছৰ তলত পৰি থকা |
| চেনেহা-চেনেহী | দুটা ভিতৰত এটাৰ আনটোলৈ মৰম |
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) শুৱনি গাওঁখন কি গছেৰে ভৰা ?
উত্তৰঃ শুৱনি গাওঁখন শুৱনি গছেৰে ভৰা ।
খ) পুখুৰীত কি থাকে ?
উত্তৰঃ পুখুৰীত মাছ থাকে ।
গ) মুদৈয়ে ক’ত বেপাৰ কৰে ?
উত্তৰঃ মুদৈয়ে শুৱনি নদীৰ পানী-ভৰা ঘাটত বেপাৰ কৰে ।
ঘ) গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায় ?
উত্তৰঃ গছৰ ডালত শুৱনি চৰায়ে শুৱলা সংগীত গায় ।
ঙ) ৰং-ধেমালিৰ হাট মানে কি বুজোৱা হৈছে ?
উত্তৰঃ ৰং-ধেমালিৰ হাট মানে ঘৰে ঘৰে হাঁহি-মুখ, ভাল চেনাহা-চেনেহি আদিক বুজোৱা হৈছে ।
[২] কবিতাটিত প্ৰকাশ পোৱা গাওঁখনৰ পৰিৱেশৰ বিষয়ে নিজৰ ভাষাৰে লিখা
উত্তৰঃ ভাল লগা আমাৰ গাওঁখন ভাল ভাল গছেৰে ভৰা, বহুত ফুল লাগে কত পাওঁ গছৰ তলত সৰি থকা । ভাল লগা আমাৰ ধাননি পথাৰ ধানেৰে ভৰপূৰ, ভাল লগা নদীৰ পানী-ভৰা ঘাটত মুদৈয়ে বেপৈৰ কৰে । চালত লাগিছে কোমোৰা, লাও, জিকা, ভোল, ভঁৰালত আছে জহাধান, গোহালিত গৰু আছে পিখুৰিত মাছ আছে, বাৰীত আছে তৈমোল-পাণ । গছৰ ডালত চৰায় ধুনিয়া গীত গায়, শাকনিত শাক, ফুলনিত ফুল, দেখাপালে শান্তি লাগে ।
[৩] খালী ঠাই পূৰ কৰা:
খেতি, মাছ, অভিনয়, বেপাৰ, খেল, নাও, হাল
ক) মুদৈয়ে বেপাৰ কৰে ।
খ) খেতিয়কে খেতি কৰে ।
গ) খেলুৱৈয়ে খেল খেলে ।
ঘ) মাছুৱৈয়ে মাছ ধৰে ।
ঙ) অভিনেতাই অভিনয় কৰে ।
চ) নাৱৰীয়াই নাও বায় ।
ছ) হালোৱাই হাল বায় ।
[৪] তলত শব্দবোৰৰ মাজত থকা অমিল শব্দটোত চিন দিয়া:
ক) কোমোৰা, লাও, জিকা, কঁহুৱা, ভোল ।
উত্তৰঃ কঁহুৱা ।
খ) গৰু, ছাগলী, মাছ, হাতী, সিংহ ।
উত্তৰঃ মাছ ।
গ) গীত, নৃত্য, অভিনয়, খেল, ভাওনা ।
উত্তৰঃ খেল ।
ঘ) গামোচা, চুৰীয়া, পায়জামা, কুৰ্তা, গামখাৰু ।
উত্তৰঃ গামখাৰু ।
[৫] বাক্য ৰচনা কৰা:
তল-সৰা- ৰতিপুঁৱা ওঠি কত পাওঁ তল-সৰা ফুলবোৰ ।
পানী- ভৰা- ভাল লগা পানী-ভৰা দেখিয়ে ভাল লাগে ।
ভাওনা-সবাহ- আমাৰ গাঁৱত কাইলৈ ভাওনা-সবাহ হ'ব ।
শুৱলা-সংগীত- ৰাতিপুঁৱাই ওঠি চৰাই শুৱলা-সংগীত গায় ।
[৬] পঢ়া আৰু মিলাই লিখা :
| বাৰিষা | চঞ্চল | বাৰিষা | খৰালি |
| ৰ’দ | নীৰৱ | ৰ’দ | বৰষুণ |
| সৰৱ | খৰালি | সৰৱ | নীৰৱ |
| স্থিৰ | বৰষুণ | স্থিৰ | চঞ্চল |
[৭] পঢ়ি চোৱা আৰু অৰ্থবোৰ জানি লোৱা :
ক) ৰাইজে নখ জোকাৰিলে নৈ বয় ।
উত্তৰঃ মানুহৰ নখৰ আগত অতি কম পৰিমাণৰ পানী হে উঠে পিচে অগণণ মানুহৰ নখৰ আগত উঠা পানিৰে নৈ সৃষ্টি হ'ব পাৰে ।
খ) কথাত কটা যায়, কথাত বটাঁ পায় ।
উত্তৰঃ কথাৰে মনুহে মানুহৰ মৰম-চেনেহ আদায় কৰিব পাৰে, ঠিক সেইদৰে কথাৰ বাবে মানুহে আপুনাক ঘৃণ কৰিবও পাৰে
[৮] পঢ়া, চোৱা আৰু লিখা :
তলত সৰা = তল-সৰা
পানীৰে ভৰা = পানী-ভৰা
হাতেৰে বোৱা = হাতে-বোৱা
গুৰুক সেৱা = গুৰুক সেৱা
[৯] অৰ্থৰ পাৰ্থক্য স্পষ্ঠ হোৱাকৈ বাক্য ৰচনা কৰা (অভিধানৰ সহায় ল’বা।) :
ক) হাত ----- মানুহৰ হাতেৰে বহুত কাম কৰিব পাৰে।
হাট ----- শুক্ৰবাৰে আমাৰ ইয়াত হাট বহে।
খ) চাল ----- কাইলৈ আমাৰ ঘৰৰ ণুধৰ চাল লগাব।
ছাল ----- যোৱা কালি মই পৰিল, আৰু মোৰ ছাল গল।
গ) তান ---- গানত তান লগোৱা।
টান ---- কোনো এটা বস্তু নিজৰ শৰিৰৰ পিনে টানা।
[১০] ভাবা আৰু উওৰ উলিওৱা:
ক) ঘন ঘন গাঠিৰে ডিঙিত পিন্ধি মণি,
ওপৰলৈ চাই আছে কোনে চুলি মেলি ?
খ) খেতিয়কে খেতি কৰে,
গুটি নাই, ফুল নাই
গ) ঐ ঐ ঐ, ক’লৈ যাৱগৈ,
গছ শুকান গুটি কেচা
ব’ল আনোগৈ ।

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )