Chief Minister’s Atmanirbhar Asom Abhijan 3.0 – Apply কৰিবলৈ কি কি লাগিব ?


অসম চৰকাৰৰ এই আঁচনিৰ জৰিয়তে যুৱক-যুৱতীসকলক আৰ্থিক সহায় প্ৰদান কৰা হয় ব্যৱসায় আৰম্ভ কৰিবলৈ । যদি আপুনি CMAAA 3.0 ত apply কৰিব বিচাৰে, 

         এই আঁচনিৰ মূল লক্ষ্য হৈছে অসমৰ যুৱ সমাজক আৰ্থিকভাৱে শক্তিশালী কৰি তোলা আৰু নিজাকৈ কাম-ব্যৱসায় আৰম্ভ কৰিবলৈ সহায় কৰা । তলত আঁচনিৰ উদ্দেশ্যবোৰ বিস্তাৰিতকৈ দিয়া হ’ল —

cmaaa 3.0 how to apply

🎯 আঁচনিৰ উদ্দেশ্য

1️⃣ আত্মনিৰ্ভৰ যুৱ সমাজ গঢ়া

যুৱক-যুৱতীসকল চাকৰিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে, লগতে আৰু দুজনক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে মূলধনৰ সহায় দিয়া ।


2️⃣ বেকাৰত্ব  হ্ৰাস কৰা

ৰাজ্যত বহু শিক্ষিত বেকাৰ আছে । এই আঁচনিৰ জৰিয়তে তেওঁলোকক উপাৰ্জনৰ সুযোগ সৃষ্টি কৰি বেকাৰত্ব কমোৱা ।


3️⃣ ক্ষুদ্ৰ আৰু গ্ৰাম্য উদ্যোগ উন্নয়ন

গাঁও আৰু চহৰত সৰু সৰু উদ্যোগ (দোকান, কৃষি ভিত্তিক কাম, পশুপালন আদি) আৰম্ভ কৰিবলৈ উৎসাহ দিয়া। ইয়াৰ ফলত স্থানীয় অৰ্থনীতি শক্তিশালী হয় ।


4️⃣ নতুন ষ্টাৰ্টআপ আৰু উদ্ভাৱন উৎসাহিত কৰা

নতুন ধাৰণা থকা যুৱসকলক নিজৰ আইডিয়া বাস্তৱায়ন কৰিবলৈ আৰ্থিক সহায় আৰু প্ৰশিক্ষণ দিয়া ।


5️⃣ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰা

মহিলা উদ্যোগীসকলক বিশেষভাৱে উৎসাহিত কৰি তেওঁলোককো নিজাকৈ উপাৰ্জনৰ সুযোগ সৃষ্টি কৰা ।


6️⃣ ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ

যুৱ সমাজে ব্যৱসায় আৰম্ভ কৰিলে নতুন নিয়োগ সৃষ্টি হয়, বজাৰ ব্যৱস্থা সক্ৰিয় হয় আৰু ৰাজ্যৰ অৰ্থনীতি উন্নত হয় ।

👤 কোনে আবেদন কৰিব পাৰিব ?

✔ অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব
✔ সাধাৰণতে ১৮–৪৮ বছৰ বয়সৰ ভিতৰত (চৰকাৰী নিয়ম অনুসৰি)
✔ শিক্ষাগত যোগ্যতা (HSLC / HS / Graduate – অফিচিয়েল বিজ্ঞাপন অনুসৰি)
✔ আবেদনকাৰী বেকাৰ হ’ব লাগিব
✔ আগতে এই আঁচনিৰ সুবিধা লোৱা নাথাকিব লাগিব

💰 কিমান টকা পোৱা যায় ?

  • যোগ্য আবেদনকাৰীক চৰকাৰৰ ফালৰ পৰা 2 আৰু ‌৫ লাখ টকা পৰ্যন্ত সহায় আগবঢ়োৱা হয়

  • কিছুমান অংশ অনুদান (Grant) আৰু কিছুমান অংশ ঋণ (Loan) হিচাপে থাকিব পাৰে

  • টকা ব্যৱসায় আৰম্ভ কৰিবলৈহে ব্যৱহাৰ কৰিব লাগিব

🏢 কি ধৰণৰ ব্যৱসায় কৰিব পাৰি?

  • দোকান / খুচুৰা ব্যৱসায়

  • কৃষি ভিত্তিক উদ্যোগ

  • পশুপালন / দুগ্ধ উদ্যোগ

  • মোবাইল ৰিপেয়াৰিং, কম্পিউটাৰ চেন্টাৰ

  • বিউটি পাৰ্লাৰ, টেইলৰিং

  • ক্ষুদ্ৰ উৎপাদন উদ্যোগ

📚 Training সুবিধা

আবেদনকাৰীক ব্যৱসায় আৰম্ভ কৰাৰ আগতে চৰকাৰৰ ফালৰ পৰা training দিয়া হ’ব পাৰে, যাতে সঠিকভাৱে ব্যৱসায় চলাব পাৰে ।''

কেতিয়াবা এই আচঁনিৰ ধন লাভ কৰা পাছত ৩ দিনৰ Training দিয়া হয় ।

📊 Selection প্ৰক্ৰিয়া

  1. Online আবেদন

  2. ডকুমেন্ট Verification 

  3. Interview 

  4. Final তালিকা প্ৰকাশ ( এই তালিকা খন ৰাজহুৱা নকৰে )

  5. আনুষ্ঠানিকভাৱে টকা বিতৰণ

📄 লাগিব পৰা ডকুমেন্টসমূহ

  1. ✅ আধাৰ কাৰ্ড

  2. ✅ পেন কাৰ্ড

  3. ✅ শিক্ষাগত যোগ্যতাৰ চাৰ্টিফিকেট

  4. ✅ বেংক পাছবুক (Account number & IFSC স্পষ্ট দেখা যাব লাগিব)

  5. ✅ পাসপোর্ট চাইজ ফটো

  6. ✅ মোবাইল নম্বৰ (আধাৰৰ সৈতে লিংক কৰা থাকিলে ভাল)

  7. ✅ নিজৰ ব্যৱসায়ৰ প্ৰজেক্ট ৰিপ’ৰ্ট ( কোন ব্যৱসায় কৰিব বিচাৰে তাৰ চমু বিৱৰণ )

📝 Apply প্ৰক্ৰিয়া (Step by Step Guide)

👉 Step 1: Official Website খোলক
CMAAA ৰ অফিচিয়েল প’ৰ্টেলত যাওক ।

👉 Step 2: Registration কৰক
“New Registration” ত ক্লিক কৰি নাম, মোবাইল নম্বৰ, ইমেইল আদি ভৰ্তি কৰক। OTP আহিলে verify কৰক ।

👉 Step 3: Login কৰক
User ID আৰু Password দি লগইন কৰক । 

👉 Step 4: Form Fill Up কৰক
ব্যক্তিগত তথ্য
শিক্ষাগত তথ্য
বেংক ডিটেইল
ব্যৱসায়ৰ বিৱৰণ সঠিককৈ ভৰ্তি কৰক ।

👉 Step 5: Document Upload কৰক
উপৰোক্ত সকলো ডকুমেন্ট স্কেন কৰি সঠিক ফৰ্মেটত আপলোড কৰক।

👉 Step 6: Submit কৰক
সকলো তথ্য এবাৰ চেক কৰি “Submit” বুটামত ক্লিক কৰক ।
Submit কৰাৰ পিছত Application Number সেভ কৰি ৰাখিব ।

Important Link:


Apply Link: Coming Soon
Official Website: Click Now


⚠️ মনত ৰাখিব

  • সকলো তথ্য সঠিক দিব লাগিব

  • ভুৱা ডকুমেন্ট দিলে আবেদন বাতিল হ’ব

  • অফিচিয়েল website আৰু বিজ্ঞাপন চাইহে আবেদন কৰিব


Contact US AS A FREE MAMBER
facebook group

whatsapp group

Post a Comment

0 Comments

Ads

close