Checking Live Applications...

CTET September 2026 Application Form Reopen: পুনৰ আৰম্ভ হ’ল আবেদন CTET


যিসকল প্ৰাৰ্থীয়ে CTET September 2026-ৰ বাবে আগৰবাৰ আবেদন কৰিব নোৱাৰিছিল, তেওঁলোকৰ বাবে আহিছে এক ডাঙৰ সুযোগ। Central Board of Secondary Education (CBSE)-এ CTET September 2026-ৰ Online Application Window পুনৰ খুলি দিছে। এতিয়া যোগ্য প্ৰাৰ্থীসকলে পুনৰ অনলাইন আবেদন কৰিব পাৰিব।

এই খবৰটো বিশেষকৈ সেইসকল প্ৰাৰ্থীৰ বাবে স্বস্তিৰ, যিসকলে আগৰ application window-ত কোনো কাৰণত form submit কৰিব নোৱাৰিলে।


CTET September 2026 Application Form

CTET September 2026:

Application Reopen Date: 25th August 2026
Last Date of Application Submitted: 1st September 2026
Application Mode: Online
Official Website: ctet.nic.in


আগতে সফলতাৰে CTET application form submit কৰা প্ৰাৰ্থীসকলে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই। এই পুনৰ খোলা application window মূলতঃ সেইসকল যোগ্য প্ৰাৰ্থীৰ বাবে, যিসকলে আগৰ সুযোগত আবেদন কৰিব পৰা নাছিল।

CTET September 2026 পৰীক্ষা স্থগিত

আগতে CTET September 2026 পৰীক্ষা 6 September 2026-ত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু এতিয়া সেই পৰীক্ষা স্থগিত কৰা হৈছে। CBSE-এ জনোৱা অনুসৰি, নতুন বা সংশোধিত পৰীক্ষাৰ তাৰিখ application window বন্ধ হোৱাৰ পিছত ঘোষণা কৰা হ’ব।

CTET Application Form পুনৰ কিয় খোলা হ’ল ?

বহু যোগ্য প্ৰাৰ্থীয়ে আগৰ application window-ত কোনো কাৰণত আবেদন কৰিব নোৱাৰিছিল। এই পৰিস্থিতিত যোগ্য প্ৰাৰ্থীসকলক TET qualification লাভৰ বাবে যুক্তিসংগত সুযোগ দিয়াৰ উদ্দেশ্যে পুনৰ আবেদন কৰাৰ সুবিধা দিয়া হৈছে।

CTET 2026-ত কেনেকৈ আবেদন কৰিব ?

CTET September 2026-ৰ বাবে আবেদন কৰিবলৈ তলৰ ধাপসমূহ অনুসৰণ কৰিব পাৰা—


↪ প্ৰথমে CTET-ৰ official website-লৈ যাওক ।
↪ CTET September 2026 Application link-ত click কৰক ।
↪ নিজৰ প্ৰয়োজনীয় তথ্যসমূহ সঠিককৈ fill up কৰক ।
↪ প্ৰয়োজনীয় document আৰু photo/signature upload কৰক ।
↪ প্ৰযোজ্য application fee payment কৰক ।
↪ Form submit কৰাৰ আগতে সকলো তথ্য পুনৰ এবাৰ check কৰক ।
↪ সফলতাৰে submit কৰাৰ পিছত confirmation page save কৰি ৰাখক ।

Form Fill Up কৰাৰ আগতে এইকেইটা কথা মনত ৰাখিব

CTET form fill up কৰাৰ সময়ত তাড়াহুড়া নকৰিব। নিজৰ নাম, জন্ম তাৰিখ, শিক্ষাগত যোগ্যতা আৰু অন্য তথ্য document অনুসৰি সঠিককৈ দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ।

বিশেষকৈ—


↪ নিজৰ eligibility আগতেই ভালদৰে check কৰক
↪ ভুল তথ্য নিদিব
↪ একাধিক application submit নকৰিব
↪ fee payment সফল হৈছে নে নাই নিশ্চিত কৰক
↪ confirmation page download কৰি ৰাখক


CTET-ৰ official Information Bulletin-ত eligibility, syllabus, examination pattern, language আৰু আন গুৰুত্বপূৰ্ণ নিয়মসমূহ দিয়া আছে। আবেদন কৰাৰ আগতে সেইবোৰ ভালদৰে পঢ়ি লোৱাটো উচিত।

যিসকলে আগতেই Apply কৰিছে তেওঁলোকে কি কৰিব ?

যদি তুমি আগতেই CTET September 2026-ৰ application সফলতাৰে submit কৰি দিছা, তেন্তে পুনৰ apply কৰাৰ প্ৰয়োজন নাই। নতুনকৈ খোলা window-টো মূলতঃ আগতে আবেদন কৰিব নোৱাৰা যোগ্য প্ৰাৰ্থীসকলৰ বাবে।

Important Web-Links of CTET Notification:

Online Application Form: Click Now
Reopen Notice: Click Now
CTET Question Papers: Click Now
Official Notification: Click Now
Information Bulletin: Click Now
Official Website: Click Now

Contact US AS A FREE MAMBER
facebook group

whatsapp group


Post a Comment

0 Comments

Ads

close