ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা মেঘালয়ৰ কাৰণে ২৬মে’ৰ পৰা ২৮মে’লৈ বৃষ্টিপাতৰ ৰেড এলাৰ্ট জাৰি কৰিছে
বান বিভীষিকাৰ মাজতে অসমৰ কাৰণে এক উদ্বিগ্ন কৰিব পৰা খবৰ। অহা ৪৮ঘণ্টাত অসম তথা চুবুৰীয়া মেঘালয়ত হ’ব ‘অতি প্ৰৱল’ বৃষ্টিপাত। মঙলবাৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰি দুইখন উত্তৰ পূৱৰ ৰাজ্যক সকীয়নি প্ৰদান কৰিছে।
পিটিআইৰ প্ৰতিবেদন মতে, IMD– এ ইতিমধ্যে বংগোপসাগৰৰ পৰা দক্ষিণ–পশ্চিম বতাহৰ তীব্ৰতা দুয়োখন ৰাজ্যত বৰষুণৰ কাৰক হোৱাৰ কথা উল্লেখ কৰিছে।

IMD–এ কৈছে যে বৰষুণ প্ৰায়বোৰ ঠাইতে হ’ব যদিও একাংশ ঠাইত প্ৰৱলৰ পৰা অতি প্ৰৱল বৰষুণ হ’ব।
"অসম আৰু মেঘালয়ক অহা তিনিদিনৰ কাৰণে ৰঙা ৰঙৰ সকীয়নি প্ৰদান কৰা হৈছে।’ IMDৰ সঞ্চালক প্ৰধান ম্ৰুঞ্জয় মহাপাত্ৰই কয়।
উল্লেখযোগ্য যে ‘আমফান’ ঘূৰ্ণীবতাহৰ কাৰণে এইবাৰ দেশত মৌচুমী বতাহ দেৰিকৈ প্ৰৱেশ কৰিব। অসমত ইতিমধ্যে আগবাৰিষাৰ বানে মানুহক হাৰাশাস্তি কৰাৰ খবৰ আহিবলৈ লৈছে। কোৰোণাৰ মাজতে এইবাৰ বাৰিষা যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হ’ব অসমত, আশংকা সকলোৰে।

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )