''NEOWISE'' কি ? পৃথিৱীত কি প্ৰভাৱ পেলাব 'NEOWISE' আৰু ভাৰতৰ আকাশত কেতিয়া পৰা দেখা যাব ?


পৃথিৱীৰ দিশে আহি আছে "NEOWISE" ই কি প্ৰভাৱ পেলাব পৃথিৱীত ? ১৪ জুলাইৰ পৰা দেখা যাব ভাৰতৰ আকাশত, 


পৃথিৱীৰ দিশে দুৰন্ত গতিত আহিছে ধুমকেতু "NEOWISE" । ১৪ জুলাইৰ পৰা ভাৰতীয় আকাশত এই ধুুমকেতু দেখা যাব । এই উজ্জ্বল ধুমকেতু খালী চকুৰেও দেখা যাব ।

ইয়াৰ আছে অন্য এক পৰিচয়- চি২০২০ এফ৩। জ্যোতি বিজ্ঞানীয়ে জনাইছে যে, ১৪ জুলাইৰ পৰা প্ৰতিদিনে সুৰ্য্য অস্ত যোৱাৰ সময়ত ২০ মিনিট দেখা যাব NEOWISEক। 

ডা০ শুভেন্দু পাটনায়কে জনাইছে যে 
( উৰিষ্যাৰ তাৰকাগৃহৰ উপনিৰ্দেশক ), ‘চলিত বছৰৰ মাৰ্চ মাহত এই ধুমকেতুৰ কথা জানিছিল নাছাই। পৃথিৱীৰ পৰা ইয়াৰ দুৰত্ব ২০ কোটি কিলো মিটাৰ। নাছাৰ ষ্টেচনৰ পৰা বৰ্তমানৰ ছবি পোষ্ট কৰিছে মহাকাশচাৰী বব বেহেনকেনে।


উত্তৰ গোলাৰ্ধৰ পৰা এই ধুমকেতু উত্তৰ আকাশত বেছি সময় ধৰি দেখা যাব। আগন্তুক ২২-২৩ জুলাইত পৃথিৱীৰ একেবাৰে কাষলৈ আহিব NEOWISE। কিন্তু ধুমকেতুৱে পৃথিৱীৰ কোনো ক্ষয়-ক্ষতি কৰিব নোৱাৰে বুলি জনাইছে বিজ্ঞানীয়ে।



Tags

Post a Comment

0 Comments
close