বজাৰত উপলব্ধ হ’ব কোৰোণা ভাইৰাছৰ ভেকচিন,

ছেপ্টেম্বৰ মাহলৈ বজাৰত উপলব্ধ হ’ব কোৰোণা ভাইৰাছৰ ভেকচিন, দুবছৰলৈ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব এই ভেকচিনে ।



কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে বিশ্বৰ বিজ্ঞানীসকলে গৱেষণা অব্যাহত ৰাখিছে। 

ৰাছিয়াৰ এটা কোম্পানী দাবী, কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত তেওঁলোক সফল হৈছে। এই ভেকচিনৰ নাম Gam-COVID-Vac Lyo ৰখা হৈছে ।

ভাৰত, চীন, আমেৰিকা, ব্ৰিটেইন, ৰাছিয়াসহ কেইবাখনো দেশত ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল চলি আছে। ইয়াৰ মাজতো ৰাছিয়াই কোৰোণাৰ প্ৰথম ভেকচিন প্ৰস্তুত কৰাৰ দাবী কৰিছে। 


ৰাছিয়াৰ ছেচেন’ভ বিশ্ববিদ্যালয়ৰ দাবী, বিশ্বত সৰ্বপ্ৰথমে কোৰোণা ভাইৰাছৰ ভেকচিনৰ সকলো পৰীক্ষণ সফল হৈছে। সকলো ঠিকে থাকিলে এই ভেকচিন ছেপ্টেম্বৰলৈ বজাৰত উপলব্ধ কৰিব ।


ৰাছিয়াৰ ছেচেন’ভ বিশ্ববিদ্যালয়ে দাবী কৰিছে যে এই ভেকচিন মানৱ দেহত সফলভাৱে পৰীক্ষণ সম্পন্ন হৈছে। মানুহৰ দেহত এবাৰ প্ৰয়োগ কৰিলে দীৰ্ঘ সময়লৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব।

ছেচেন’ভ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ ট্ৰান্সলেচনেল মেডিচিন এণ্ড বায়’টেকন’লজীৰ সঞ্চালক বাদিম তৰাছ’ভৰ মতে, এই ভেকচিন গেমলী ইনষ্টিটিউট অব এপিডেমিঅ’লজী এণ্ড মাইক্ৰ’বায়’লজীয়ে প্ৰস্তুত কৰিছে। আন্তঃৰাষ্ট্রীয় সংবাদ প্ৰতিষ্ঠান TASSৰ মতে, প্ৰথম পৰ্যায়ত ১৮জন স্বেচ্ছাসেৱীক এই ভেকচিন দিয়া হৈছিল। দ্বিতীয় পৰ্যায়ত ২০জন স্বেচ্ছাসেৱীৰ দেহত প্ৰয়োগ কৰা হৈছিল।ৰাছিয়াৰ এটা কোম্পানী দাবী, কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত তেওঁলোক সফল হৈছে। এই ভেকচিনৰ নাম Gam-COVID-Vac Lyo ৰখা হৈছে

জানিব পৰা মতে, ৰাছিয়াৰ ফাৰ্মা কোম্পানী আৰ ফাৰ্মায়ো কোৰোণা ভাইৰাছৰ চিকিৎসাৰ বাবে ঔষধ প্ৰস্তুত কৰিছে। এই নতুন এণ্টিভাইৰেল ঔষধবিধৰ নাম কোৰোণাবিৰ ৰখা হৈছে। ৰাছিয়াত ইয়াৰ ক্লিনিকেল ট্ৰায়েলৰ পিছত ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰৰ অনুমতি লাভ কৰিছে। কোম্পানীটোৰ দাবী কোৰোণাবিৰ দেশৰ প্ৰথম এনেকুৱা ঔষধ, যিয়ে কোভিড–১৯ৰ ৰোগীৰ চিকিৎসাৰ বাবে সম্পূৰ্ণৰূপে ফলদায়ক।

Post a Comment

0 Comments
close