কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। যি সকল লোকে পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰে ।
পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীক চৰকাৰে দিব কম সুতৰ বিনিময়ত লোন। চৰকাৰে এই আঁচনিৰ বাবে ধাৰ্য কৰিছে ৫০০০ কোটি টকা।
কিমান টকা লোন পাব আৰু সুতৰ হাৰ কিমান হ’ব? প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত ১০ হাজাৰ টকাৰ লোন লাভ কৰিব সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীসকলে। এই ধনৰাশিয়ে ব্যৱসায় ভালদৰে আৰম্ভ কৰাত সহায় কৰিব। এই ধন বহু সাধাৰণ চৰ্তত দিয়া হ’ব। ‘concessional rates’ত দিয়া হ’ব লোন। আনকি যিসকলে সময়ত লোন পৰিশোধ কৰিব পাৰিব, সেইসকলক সুতৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়া হ’ব।
কোনে লাভ কৰিব- ৰাস্তাৰ কাষত, ঠেলাত বা সৰু দোকান দি পৰিয়াল পোহপাল দিয়া ব্যৱসায়ীসকলক দিয়া হ’ব লোন। ফল-মূল, শাক-পাচলি, চেলুন, পান দোকানো এই আঁচনিয়ে সামৰি ল’ব। এই আঁচনিয়ে প্ৰায় ৫০ লাখ পথৰ কাষৰ দোকানীক লাভান্বিত কৰিব।
Online Apply - click here




আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )