Covid - 19 :- চীনৰ পৰা আৰম্ভ হোৱা কোৰোনাই বৰ্তমান বিশ্বত মহামাৰী ৰূপ লৈছে।
১৭জুলাই ২০২০ৰ লৈকে ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে ১০লাখ ঘৰ। এনে পৰিস্থিতিত কোৰোনা ভাইৰাছৰ ওপৰত গৱেষণা কৰি থকা একাংশ বিশেষজ্ঞই দাবী কৰিছে যে, এই ভাইৰাছবিধ বিকাশ হোৱাৰ লগে লগে কিছু সংক্ৰমণৰ লক্ষণসমূহো শেহতীয়াকৈ কিছু সলনি হৈছে।
কোৰোনাৰ ওপৰত গৱেষণা কৰি থকা বিটেইনৰ এদল বিজ্ঞানীয়ে শেহতীয়াকৈ দাবী কৰিছে যে, কোনো এজন ব্যক্তিৰ দেহত যদি হঠাতে খৰ-খজুৱতিৰ দৰে সমস্যাই দেখা দিয়ে সেয়াও হ’ব পাৰে কোৰোনা সংক্ৰমণৰ লক্ষণ। বৈজ্ঞানিক দলটোৱে এই লক্ষণক কোৰোনাৰ লক্ষণত অন্তভূক্ত কৰিবলৈ আহ্বান জনাইছে দেশখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য এজেন্সীক।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, লণ্ডনৰ কিংগছ কলেজ একাডেমীৰ এদল গৱেষকে ২০হাজাৰ লোকৰ ওপৰত চলাইছিল এক সমীক্ষা। এই সমীক্ষাত পোহৰলৈ আহিছিল যে, কোৰোনাত আক্ৰান্ত প্ৰতি ১১গৰাকী লোকৰ ভিতৰত এগৰাকী ব্যক্তিৰ দেহত প্ৰথমে খৰ-খজুৱতি জাতীয় সমস্যাই দেখা দিছিল। ইতিমধ্যে বিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য এজেন্সীয়ে কোৰোনাৰ তিনিটা প্ৰধান লক্ষণৰ ভিতৰত স্থান দিছে এই খৰ-খজুৱতি লক্ষণক।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )