PUBG Brand - ৫৯টা চাইনিজ এপৰ সহ ভাৰতত জনপ্ৰিয় টিকটক এপ নিষিদ্ধ কৰা পিছত এইবাৰ আকৌ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰি ওলিয়াইছে আন এখন তালিকা ।
৫৯টা চাইনীজ এপ ৰ সহ টিকটক নিষিদ্ধ কৰা পিছত এইবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে আন এখন তালিকা।
দেশৰ লগতে ব্যক্তি বিশেষৰ প্ৰাইভেচীৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সন্দেহ কৰা হৈছে তালিকাভুক্ত কৰা এপ সমূহত । ইতিমধ্যে চৰকাৰে পৰীক্ষা কৰি আছে এই সমূহ এপ। আৰু এই তালিকাভুক্ত এপসমূহ অতি শীঘ্ৰে নিষিদ্ধ হ’ব পাৰে ভাৰতবৰ্ষত।
দ্যা ইক’নমিক্স টাইমচৰ :-- খবৰ অনুসৰি এই এপ সমূহৰ ভিতৰত আছে PUBG, ৰেচ’,আলীএক্সপ্ৰেছ আৰু ইউ লাইক। সেইদৰে তালিকাত আছে চীনৰ ইণ্টাৰনেট আৰু টেক্ - Meitu, LBE Tech, Perfect Corp, Sina Corp, Netease Games, Yoozoo Global।
যদিও গেমিং এপ PUBG যদিও দক্ষিণ কোৰিয়াত ডেভেলপ কৰা হৈছিল, তথাপিও গেমিং এপটোত জড়িত আছে চীন। উল্লেখযোগ্য যে, ভাৰতবৰ্ষত PUBG আছে এখন বিশাল মাৰ্কেট। আজিৰ দিনটোলৈকে ভাৰতৰ প্ৰায় ১৭.৬ কোটি লোকে ইনষ্টল কৰিছে PUBG ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )