JEC Part 4
কলেজৰ প্ৰথম দিন আজি। ৰাতিপুৱা 7:30 তে class আৰম্ভ হয় । দেউতাই জন্মদিনত কিনি দিয়া গুলপীয়া চুৰিদাৰ যোৰ পিন্ধি নিজকে এবাৰ চালো,নিশাই আঙুলিৰে ইচাৰা দি ধুনিয়া লাগিছে বুলি জনালে । ভাল লাগিছে সকলোবোৰ, নিশাৰ লগত একেখন বেঞ্চত বহিলো, বহুতৰ লগতেই চিনাকি হলো, সকলোৰে চকুত ৰঙীন সপোনৰ প্ৰয়োভৰ,4 টা class যোৱাৰ পাছত lunch break, নিশা, মই, ৰাজী আৰু টিনা আমি চাৰিওজনী একেলগে ওলাই আহিলো, classroom অৰ সন্মুখত বহুত কেইজন senior ৰৈ আছিল, বুজি পালো আকৌ ragging হব ।
:আস্থা বৰুৱা কোন হয় ইয়াত ?
ভয় লাগিল, কলপাত কপাৰ নিচিনাকৈ কঁপিছো ।
:মই ।
:এইফালে আহা।আৰু বাকী সৱ আকৌ ৰুমত সোমা, ইমান জলদি কত পলাইছ হা ?
নিশাই মোৰ হাতখন এৰি দিলে,মোক এৰি সব আকৌ classroom অত সোমালে। মই দাদা এজনৰ পাছে পাছে, দীঘল বাৰাণ্ডা খনৰে গৈ আছো, building তোৰ একেবাৰে শেষত এটা ৰুম আছে, একেবাৰে আওহতীয়া, কোনো নাই সেইফালে, হয়তো খাবলৈ গল সব। মনে মনে খুব ভয় খালো, কিয় আনিছে মোক ইয়ালে।
:দাদা কিয় মাতিছে মোক ইয়ালে?
: গম পাবা ৰবা।
ৰুম টোত সোমাই বুজিবলৈ বাকী নেথাকিল, খিৰিকী এখনত আউজি ৰৈ অাছে তেওঁ, মোৰ ফালে চাই বিজয়ৰ হাঁহি এটা মাৰি আগবাঢ়ি আহিল।
তেওঁৰ লগৰ অাৰু দুজনমান দাদা বাউদেউ আাছিল লগত, নিজকে কিবা অদ্ভুত লাগিল, খং লাজ কি ভাব হৈছে বুজাব নোৱাৰোঁ। তেওঁ আহি একেবাৰে ওচৰত ৰলহি, মই দুখোজ পিছুৱাই গলো।
: কিয় মাতিছো নোসোধা ?
:ওহোঁ ।
:কিয় ?
:এনেই।
:খং উঠিছে ?
:আপোনাক কেলেই।
প্ৰচন্ড খং এটাই হেঁচা মাৰি ধৰিছিল, মুখৰপৰা কি ওলাইছে গম নাপালো।
:ইমান attitude কিহৰ হা, senior হয় তোৰ, কথা কেনেকে কব লাগে নাজান হাঁ ?
তেওঁৰ লগৰ এগৰাকী উঠি আহিল্, অৰ্ণৱক তেনেকে কোৱাৰ বাবে তেওঁৰহে বেছি খং উঠিল নিচিনা লাগিল। মই আজি কন্দা নাই, যিমান পাৰো চেপি ৰাখিছো ।
:অৰ্ণৱক sorry ক।
:sorry
:এনেকে নহয়, কাণত ধৰি ক।
নাই নোৱাৰি, ইমান অপমান সহি থাকিব নোৱাৰি।
:নধৰো
:তোক option দিয়া নাই Miss Universe, order দিছোঁ, কাণত ধৰ অাৰু Sorry ক। নহলে দিনটো ইয়াৰপৰা যাব নোৱাৰিবি।
অৰ্ণৱৰ ফালে চালো, নাই একো emotion নাই, এবাৰ হলেও কোৱা নাই নালাগে বুলি। অাৰু বেয়া লগা হল তেওঁক, বহুত বেছি বেয়া। উপায় নাই, কৰিব লাগিবই। দুয়োখন হাতেৰে কাণত ধৰিলো। এইবাৰ নোৱাৰিলোঁ, হুকহুকাই কান্দিছো, লাজ অপমান, অভিমান সব একেলগে বৈ আহিল্ ।
:Sorry
কৈয়েই দৌৰি গুচি আহিলো তাৰপৰা, নিজকে বৰ অসহায় লাগিল, কোনো নাই ওচৰত, কেনিও নোচোৱাকৈ হোষ্টেলৰ ফালে বাট ললো, কোনোবাই মাতিছে পিছৰপৰা কিন্তু মই নাচালোঁ। JEC ৰ প্ৰথমদিনটো লৈ বহুত কল্পনা কৰিছিলো, এনেকুৱা কিয় হল । ৰুমত সোমাই বহুত দেৰি কান্দিলো, নিশা আহি বুজালে কিবাকিবি, মূৰত একো নাই সোমোৱা মোৰ। ভাত খাবলৈও নগলো।
: ভাত নোখোৱা যদি Maggie লৈ আনো ?
:নেখাওঁ ।
:OK নেলাগে খাব, এই juice তো খোৱা অাৰু বলা, next class start hoboi 15 minutes পিছত ।
চকুকেইটা ৰঙা পৰি আছে, মুখখন ধুই চুলিখিনি ঠিক কৰি ওলাই আহিলো class কৰিবলৈ। অৰ্ণৱ ৰৈ আছে গেটৰ সন্মুখত।
:বেয়া পালা ।
:নাই ।
:সঁচাকে কৈছা ?
:উমম, দেৰি হৈছে যাবলে দিয়ক ।
:মইতো তোমাক ধৰি ৰখা নাই। অাৰু যেতিয়া ধৰিম, কোনেও আঁতৰাই নিব নোৱাৰে, তুমি নিজেও।
কথাটো কি অৰ্থত কলে নুবুজিলো, কিন্তু গোটেই তেজবোৰ আহি গালখনত থুপ খোৱা দৰে লাগিল। নিশাই চকুটিপ মাৰি হাঁহিলে। বেছি ভাবিলে পাগল হে হম।
: অই আস্থা।
পিছফালৰপৰা কোনোবাই মতা শুনি ঘূৰি চালো, ওখ ক্ষীণ লৰা এজন, চুলিখিনি অলপ জপৰা, কিন্তু হাঁহিটো মৰমলগা ।
: চিনি পাইছা?
:উমম.. নাই পোৱা চোন।
:অংকুৰ।
:অংকুৰ??
:আমি একেলগে tuition কৰিছিলো, ভাস্কৰ ছাৰৰ ওচৰত।
:পাইছো পাইছো, তুমি I ইয়াত বুলি জনাই নাছিলো, কি branch ?
:Mechanical, তোমাৰ ?
:Computer Science ।
:বঢ়িয়া, লগ পাই থাকিম তেন্তে, number তো দিয়া তোমাৰ ।
আমাক কথা পতা দেখি কোনোবা জ্বলিছে, আৰু মই খুব আনন্দ পাইছো ।
নম্বৰ তো দিয়াৰ পাছতো অলপ সময় জানি বুজিয়েই বেছিকৈ কথা পাতিলো, ভাল লাগিল চিনাকি কাৰোবাক লগ পাই । মনতো মুকলি লাগিল । অৰ্ণৱৰ ফালে এবাৰো নোচোৱাকৈ class ত সোমালো ।



Gutei khon eta pdf kori bonai diya
ReplyDeleteStory tolat buy now option asy..... Jodi pdf lagy ty buy kori lua.... Gutai kita chapter paba tat
Delete