VB-GRAM-G Scheme (Viksit Bharat – Guarantee for Rozgar and Ajeevika Mission - Gramin) হৈছে গ্ৰাম্য অঞ্চলৰ নতুন নিয়োগ নিশ্চয়তা আঁচনি, যি ধাপে ধাপে MGNREGA (মনৰেগা)-ৰ ঠাই ল'ব । এই আঁচনিখন ১ জুলাই ২০২৬ৰ পৰা দেশজুৰি ৰূপায়ণ কৰাৰ লক্ষ্য লোৱা হৈছে ।
VB-G RAM G আঁচনি কি ?
VB-G RAM G হৈছে গ্ৰাম্য পৰিয়ালৰ উন্নয়ন, সুৰক্ষা আৰু জীৱিকাৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যৰে আনিবলগীয়া এক বিশেষ আঁচনি ।
এই আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ পৰিয়ালসমূহক ১২৫ দিনৰ নিশ্চয়তাপূৰ্ণ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে । তথ্য অনুসৰি, ১ জুলাইৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব । লগতে এই আঁচনি ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত ঘোষণা কৰা হৈছে ।
VB-G RAM G Scheme মূল বৈশিষ্ট্যসমূহ:
| ✅ প্ৰতিটো গ্ৰাম্য পৰিয়ালক বছৰি ১২৫ দিনৰ নিশ্চয়তাপূৰ্ণ কাম । |
| ✅ মনৰেগাৰ ১০০ দিনৰ তুলনাত ২৫ দিন অধিক নিয়োগ । |
| ✅ Job Card ব্যৱস্থা অব্যাহত থাকিব । |
| ✅ সময়মতে মজুৰি প্ৰদান আৰু বিলম্ব হ'লে ক্ষতিপূৰণৰ ব্যৱস্থা থাকিব । |
| ✅ গ্ৰাম পঞ্চায়তৰ জৰিয়তে কাম বাছনি আৰু ৰূপায়ণ কৰা হ'ব । |
| ✅ জল সংৰক্ষণ, পথ নিৰ্মাণ, কৃষি সম্পৰ্কীয় কাম, গ্ৰাম্য পৰিকাঠামো উন্নয়ন আদি কাম অন্তৰ্ভুক্ত হ'ব । |
| ✅ ডিজিটেল মনিটৰিং, মোবাইল এপ আৰু অনলাইন উপস্থিতি ব্যৱস্থা থাকিব । |
MGNREGA আৰু VB-GRAM G ৰ পাৰ্থক্য:
| বিষয় | MGNREGA | VB-GRAM-G |
|---|---|---|
| নিশ্চয়তাপূৰ্ণ কাম: | ১০০ দিন | ১২৫ দিন |
| ডিজিটেল মনিটৰিং: | সীমিত | উন্নত ব্যৱস্থা |
| লক্ষ্য: | কেৱল নিয়োগ | নিয়োগ + জীৱিকাৰ উন্নয় |
| ৰূপায়ণ: | পঞ্চায়ত | পঞ্চায়ত + ডিজিটেল ব্যৱস্থা |
VB-GRAM-G Scheme-ত আবেদন কেনেকৈ কৰিব?
১) কোনে আবেদন কৰিব পাৰিব ?
- গ্ৰাম্য অঞ্চলৰ পৰিয়ালৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ সদস্য।
- অদক্ষ শাৰীৰিক কাম কৰিবলৈ ইচ্ছুক হ'ব লাগিব।
- যিসকলৰ আগতে MGNREGA Job Card আছে, তেওঁলোকৰ e-KYC সম্পূৰ্ণ থাকিলে সেই কাৰ্ড নতুন কাৰ্ড পোৱা পৰ্যন্ত বৈধ থাকিব।
২) প্ৰয়োজনীয় নথিপত্ৰ
- আধাৰ কাৰ্ড
- পৰিয়ালৰ সদস্যসকলৰ নাম, বয়স আৰু লিংগৰ তথ্য
- পাছপ'ৰ্ট চাইজ ফটো
- ৰেচন কাৰ্ড (যদি থাকে)
- ভোটাৰ আইডি
- বেংক একাউণ্টৰ তথ্য
- মোবাইল নম্বৰ
- বুঢ়া আঙুলিৰ ছাপ বা স্বাক্ষৰ
- পুৰণি MGNREGA Job Card (যদি আছে
৩) আবেদন পদ্ধতি
অফলাইন আবেদন
- নিজৰ গ্ৰাম পঞ্চায়ত কাৰ্যালয়লৈ যাব।
- আবেদন ফৰ্ম সংগ্ৰহ কৰিব।
- সকলো তথ্য পূৰণ কৰি নথিপত্ৰ সংলগ্ন কৰিব।
- পঞ্চায়তত জমা দিব।
- যাচাইৰ পিছত অনুমোদন পালে Gramin Rozgar Guarantee Card প্ৰদান কৰা হ'ব।
অনলাইন আবেদন
- ডিজিটেল প্লেটফৰ্ম বা UMANG-ৰ জৰিয়তেও আবেদন কৰিব পাৰিব।
- CSC (Common Service Centre)-তো আবেদন কৰা সুবিধা থাকিব।
৪) আবেদন কৰাৰ পিছত
- কামৰ দাবী জনোৱাৰ ১৫ দিনৰ ভিতৰত নিয়োগ দিব লাগিব।
- ১৫ দিনৰ ভিতৰত কাম নিদিলে বেকাৰ ভাট্টা লাভ কৰাৰ অধিকাৰ থাকিব।
৫) অসমৰ বাবে
অসমতো এই আঁচনি ধাপে ধাপে ৰূপায়ণ হ'ব। বৰ্তমান MGNREGA ব্যৱস্থাৰ অধীনত থকা Job Card-সমূহ বৈধ আছে। নতুন Gramin Rozgar Guarantee Card ইস্যু হ'লে পুৰণি কাৰ্ডৰ ঠাইত নতুন কাৰ্ড ব্যৱহাৰ কৰা হ'ব।


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )